চতিয়া,17 জানুৱাৰী : সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চেউনীচুক গাঁৱতো শনিবাৰে উদযাপন কৰা হয় শিল্পী দিৱস ৷ জিলা সাহিত্য সভাৰ উদ্যোগত,পশ্চিম জামুগুৰি শাখা সাহিত্য সভা,পশ্চিম জামুগুৰি কলা পৰিষদ আৰু চেউনীচুক গাঁৱৰ ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ এই উপলক্ষে পুৱা 9 বজাত চেউনীচুকৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হয় সাহিত্য সভাৰ পতাকা উত্তোলন আৰু বিভিন্ন প্ৰতিযোগিতা ৷
উল্লেখ্য যে,চেউনীচুকৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা মুকলি সভাখনত সভাপতিত্বত কৰে জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথে ৷ সভাত জিলা সাহিত্য সভাৰ উপ সভাপতি বিপুল নাথ,সহকাৰী সম্পাদক কামিনী বৰুৱা, নিৰ্দিষ্ট বক্তা তথা বিশিষ্ট গৱেষক তথা মিছামাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বৈজন্ত কেওঁটকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সভাৰ মাজত বিশিষ্ট অতিথি চন্দ্ৰমা দেৱীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া জাতি গঠন, সাংস্কৃতিক দিশত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ আলোকপাত কৰে ৷
উল্লেখযোগ্য যে,পশ্চিম জামুগুৰি শাখা সাহিত্য সভাই প্ৰত্যক বছৰে ৰাভা দিৱস আৰু শিল্পী দিৱস উদযাপন কৰি আহিছে ৷ লগতে প্ৰত্যেক বছৰৰ দৰে এইবছৰো শিল্পী দিৱসৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে সমাজ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ এই বছৰ সমাজ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা সমাজকৰ্মী জুৰমন নাথ,লীলা নাথ আৰু বয়োজ্যেষ্ঠ মহিলা অকণ দেৱীক একোখন ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে পশ্চিম জামুগুৰি শাখা সাহিত্য সভা আৰু পশ্চিম জামুগুৰি কলা পৰিষদে ৷
লগতে পঢ়কঃ গোলাঘাটত মুখ্যমন্ত্ৰীৰ সভাত মিছা কথাকৈ মহিলা গোটোৱাৰ অভিযোগ !