ETV Bharat / state

DGP GP Singh visits Tezpur: উচ্ছেদ অভিযানৰ সময়ত মৃত্যু হোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক দীজেন বৰালৈ 1 লাখ টকাৰ সাহায্য - DGP GP Singh at Tezpur

বৰচলাত চলা উচ্ছেদ অভিযানৰ সময়ত মৃত্যু হোৱা আৰক্ষী উপ-পৰিদৰ্শক প্ৰয়াত দীজেন বৰাৰ বাসগৃহত আজি উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ মৃত দীজেন বৰাৰ পৰিয়াললৈ গভীৰ সমবেদনা জনোৱাৰ লগতে অসম আৰক্ষীৰ তৰফৰ পৰা এক লাখ টকাৰ তৎকালীন সাহায্য আগবঢ়াই জি পি সিঙে (DGP GP Singh at Tezpur) ৷

DGP GP Singh at Tezpur
তেজপুৰত আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি সিং
author img

By

Published : May 31, 2023, 6:46 PM IST

আৰক্ষীৰ উপ-পৰিদৰ্শক দীজেন বৰাৰ বাসগৃহত জি.পি সিং

তেজপুৰ, 31 মে' : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ শোণিতপুৰ জিলাৰ বৰচলাত চলা উচ্ছেদ অভিযানৰ সময়ত উৎকট গৰমৰ ফলত মৃত্যু হোৱা তেজপুৰৰ আৰক্ষী উপ-পৰিদৰ্শক প্ৰয়াত দীজেন বৰাৰ বাসগৃহত আজি উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং ৷ মৃত দীজেন বৰাৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনোৱাৰ লগতে অসম আৰক্ষীৰ তৰফৰ পৰা এক লাখ টকাৰ তৎকালীন সাহায্য আগবঢ়াই (SI Dies of Pressure Stroke at Orang Eviction Site) ৷

উল্লেখযোগ্য যে, প্ৰয়াত দীজেন বৰা মৰিগাঁও জিলাৰ মায়ং আৰক্ষী চকীত কৰ্মৰত আছিল আৰু শোণিতপুৰ জিলাৰ বৰচলাত যোৱা দেওবাৰৰ পৰা চলা উচ্ছেদ অভিযানত উপস্থিত আছিল ৷ মঙলবাৰে তৃতীয় দিনৰ উচ্ছেদ অভিযানত উপস্থিত থকা আৰক্ষী বিষয়াগৰাকীৰ উৎকট গৰমত হৃদক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যু ঘটে ৷ শোণিতপুৰৰ এই উচ্ছেদ অভিযানৰ বাবে অতিৰিক্তভাৱে তেওঁক মকৰল কৰা হৈছিল (Orang Eviction Site) ৷

আনহাতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক এনেধৰণৰ অভিযানলৈ অনা হয়; কাৰণ তেওঁলোক এনেধৰণৰ বিষয়ত যথেষ্ঠ অভিজ্ঞতা থাকে ৷ কনিষ্ঠ আৰক্ষী বিষয়াসকলক অভিজ্ঞতাৰ দিশৰ পৰা এনেধৰণৰ অভিযানলৈ অনা নহয় (DGP GP Singh visit Tezpur) ৷

তেওঁ লগতে কয় যে প্ৰয়াত বৰাৰ পৰিয়ালৰ কোনো যোগ্য ব্যক্তিক তেওঁলোকৰ ইচ্ছা অনুযায়ী আৰক্ষী বিভাগত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব ৷ এই সন্দৰ্ভত ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকৰ সৈতে তেওঁ আলোচনা কৰা বুলিও মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত ৷ সঞ্চালক প্ৰধানগৰাকীয়ে পুনৰ কয় যে আৰক্ষীয় বিষয়াই তিনি বছৰৰ অধিক কাল এখন ঠাইত থাকিলে ৰদ-বদল কৰা হয় আৰু সেয়া একমাত্ৰ উপ-পৰিদৰ্শক পৰ্যায়ত হে আছে বুলি তেওঁ কয় (DGP GP Singh at Tezpur) ৷

প্ৰয়াত দীজেন বৰাৰ একমাত্ৰ পুত্ৰই সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়া পিতৃৰ মৃত্যুত কয় যে, আৰক্ষীৰ ফিটনেছ অকল শাৰীৰিকভাৱে থাকিলেই নহ’ব, এগৰাকী আৰক্ষীৰ লোক মানসিক ভাৱেও কিমান সুস্থ সেয়াও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ৷ কাৰণ কৰ্মৰ মাজত এজন আৰক্ষী বিষয়াৰ যথেষ্ট মানসিক চাপ থাকে ৷ গতিকে এই বিষয়সমূহ পৰৱৰ্তী সময়ত গুৰুত্ব দিলে অন্য বিষয়াসকলৰ বাবেও উপকাৰ হ’ব বুলি মন্তব্য কৰে প্ৰয়াত দীজেন বৰা পুত্ৰই (GP Singh visit Late SI Dwijen Borah Home at Tezpur) ৷

লগতে পঢ়ক: Eviction at Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় দিনাৰ উচ্ছেদ অভিযানত নিহত এগৰাকী আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.