ETV Bharat / state

টাৱাঙৰ ছেলা পাছত তুষাৰপাত

author img

By

Published : Jan 11, 2021, 7:47 PM IST

বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি ধৰি ধৰিছে টাৱাঙৰ ছেলা পাছ । এই নৈসৰ্গিক দৃশ্যই মন্ত্ৰমুগ্ধ কৰিছে পৰ্যটকক । তুষাৰপাতে ছেলা পাছৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বিপৰীতে যশোৱান গড়ত সমস্যাৰো সৃষ্টি কৰিছে ।

বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি ধৰি ধৰিছে টাৱাঙৰ ছেলা পাছ

তেজপুৰ, ১১ জানুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ । শীতৰ লগে লগে ন-ৰূপত প্ৰাণ পাই উঠিছে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনস্থলীসমূহ । সোমাবাৰে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ তাপমাত্ৰা ৪ ডিগ্ৰী চেলছিয়াছ । থেৰেঙা লগা জাৰৰ লগতে টাৱাঙৰ ছেলা পাছত পুৱাৰে পৰা আৰম্ভ হৈছে তুষাৰপাত ।

বৰফৰ শুকুলা চাদৰে ছানি ধৰিছে বাট-পথ, সু-উচ্চ পাহাৰ । যিফালেই চকু যায়, সেইফালে মাথোঁ বৰফ । ছেলা পাছৰ দৃষ্টিনন্দন সৌন্দৰ্য উপভোগ কৰি উৎফুল্লিত হৈ পৰিছে পৰ্যটক । বৰফবোৰ হাতেৰে চুই, খেলি পৰ্যটকসকল আনন্দিত হৈ পৰে ।

তুষাৰপাতে পৰ্যটকৰ মনত আনন্দ দিলেও ছেলা আৰু যশোৱান গড়ত সমস্যাৰ সৃষ্টি কৰিছে । বৰফে আৱৰি ধৰা বাবে আহুকালৰ সৃষ্টি হৈছে স্থানীয় লোকৰ মাজত । কোনো কোনো স্থানত পথৰ ওপৰতো বৰফ তৰপ পৰি যোৱা বাবে যাতায়াতৰ কৰাত সমস্যা আহি পৰিছে । উল্লেখ্য যে, তেজপুৰত সোমবাৰে বিয়লি ১৮ ডিগ্ৰী আৰু গুৱাহাটীত ২১ ডিগ্ৰী তাপমাত্ৰা আছিল ।

লগতে পঢ়ক:নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.