তেজপুৰ, 9 জানুৱাৰী: 29 ডিচেম্বৰৰ পৰা নিৰন্তৰ বনজুইয়ে দহি নিয়া সেউজীয়াৰ উপত্যকা জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে শনিবাৰে এনডিআৰএফৰ সৈতে স্পিয়েৰ কৰ্পচৰ নিৰাপত্তা বাহিনীৰ দল নিয়োজিত কৰা হৈছে ৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৰত্নাকৰ সিঙে এই কথা জানিবলৈ দিছে ৷
জানিব পৰা মতে জুক' নদীৰ উত্তৰ অংশত কাম কৰি দলটোৱে ইতিমধ্যে এক বৃহ অঞ্চলত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে আৰু কাষৰ অঞ্চলসমূহলৈ যাতে জুই অধিক বিয়পি নপৰে তাৰ বাবেও দলটোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
স্পিয়েৰ কৰ্পচৰ দলটোৱে এনডিআৰএফৰ দলটোক প্ৰয়োজনীয় ৰচদ পাতিৰ ক্ষেত্ৰতো যথেষ্ট সহযোগিতা আগবঢ়াই জুই নিৰ্বাপনৰ সমগ্ৰ প্ৰচেষ্টাত যথেষ্ট প্ৰয়োজনীয় অৰিহণা যোগাইছে ৷