বিহালী, 1 ডিচেম্বৰ : ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ন কৰা ড৹ বাণীকান্ত কাকতি মেধা বঁটাৰ অংশৰূপে বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ মেধা সম্পন্ন 804 গৰাকী শিক্ষাৰ্থীলৈ স্কুটী প্ৰদান কৰা হয় । প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিশ্বনাথ জিলাখনৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু 75% বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটীসমূহ বিতৰণ কৰা হয় ।
![SCOOTIES DISTRIBUTED BY ASSAM GOVT UNDER PRAGYAN BHARATI SCHEME in behali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-12-2023/as-behali-30nov-ministerinauguratedthedistributionofscooters-byte-asc10023_30112023195802_3011f_1701354482_152.jpg)
বিশ্বনাথ জিলাৰ বৰগাংস্থিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত দিনৰ 11 বজাত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।
উল্লেখ্য যে, বিশ্বনাথ জিলাত এইবাৰ মুঠ 804 গৰাকী মেধা শিক্ষাৰ্থীয়ে ড° বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে 162 জন ছাত্ৰ আৰু ছাত্ৰী 642 গৰাকী । এয়া জিলাখনৰ বাবে এক আশাৰ বতৰা বুলি অভিহিত কৰি কেবিনেট মন্ত্ৰী কেশৱ মহন্তই জিলাখনক গৌৰৱান্বিত কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে ।
![SCOOTIES DISTRIBUTED BY ASSAM GOVT UNDER PRAGYAN BHARATI SCHEME in behali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-12-2023/as-behali-30nov-ministerinauguratedthedistributionofscooters-byte-asc10023_30112023195802_3011f_1701354482_944.jpg)
নাতিদীৰ্ঘ ভাষণত মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো শিশুকে সিক্ষা লাভৰ পৰা বঞ্চিত কৰা নাই বুলি ৰাজ্য চৰকাৰৰ প্ৰশংসা কৰে । ইয়াৰোপৰি, ৰাজ্য চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি অনেক আঁচনি গ্ৰহণ কৰিছে বুলিও সভাখনত উল্লেখ কৰে । ইয়াৰোপৰি, মেধা শিক্ষাৰ্থীসকলক ভৱিষ্যতে দেশ, জাতি আৰু সমাজৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।
মুখ্য অতিথি তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা এই অনুষ্ঠানত বিশ্বনাথৰ জিলা আয়ুক্ত ড৹ নেহা যাদৱে আদৰণি ভাষণ প্ৰদান কৰে । অনুষ্ঠানটিত শিক্ষাৰ্থীসকলক উদ্দেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই ।
![SCOOTIES DISTRIBUTED BY ASSAM GOVT UNDER PRAGYAN BHARATI SCHEME in behali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-12-2023/as-behali-30nov-ministerinauguratedthedistributionofscooters-byte-asc10023_30112023195802_3011f_1701354482_892.jpg)
অনুষ্ঠানটিত প্ৰাক্তন মন্ত্ৰী তথা বীজ নিগমৰ অধ্যক্ষ প্ৰবীণ হাজৰিকা, আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, অতিৰিক্ত জিলা আয়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমনি বৰা, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ন’ডেল বিষয়া ড৹ চিন্তামনি শৰ্মা, বিশ্বনাথৰ চক্ৰ বিষয়া তৃষ্ণা মিপুন, সহকাৰী আয়ুক্তসকল ক্ৰমে মাধুৰ্য পৰাশৰ, পুষ্পাংকৰ পাতিৰ, বিচিত্ৰা দাস আৰু চয়নিকা হাজৰিকা, জিলাখনৰ শিক্ষা বিভাগৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলৰ উপৰিও অভিভাৱক, শিক্ষাৰ্থী তথা ভালেসংখ্যক সন্মানীয় ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
এই অনুষ্ঠানটিত আনুষ্ঠানিকভাৱে ছয়গৰাকী শিক্ষাৰ্থীলৈ স্কুটী প্ৰদান কৰা হয় । স্কুটী লাভ কৰা বিশ্বনাথ জিলাৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু আন নথি পত্ৰৰ আধাৰত অনুষ্ঠানত প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় ।
লগতে পঢ়ক : ৩৫, ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ, শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ