ৰঙাপৰা , 3 ডিচেম্বৰ : শোণিতপুৰৰ ৰঙাপৰাৰ এখন শিক্ষানুষ্ঠানত সংঘটিত হয় এক অগ্নিকাণ্ড (School set on fire) । বৃহস্পতিবাৰে সন্ধিয়া ৰঙাপৰাৰ চন্দ্ৰপ্ৰভা স্মৃতি হিন্দী বিদ্যালয়ৰ মধ্য ইংৰাজী শাখাৰ কাৰ্যালয়ত কোনো দুষ্কৃতিকাৰীয়ে সংঘটিত কৰে এই অগ্নিকাণ্ড ৷
ঘটনা অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া কাৰ্যালয়ৰ ভিতৰত জুই প্ৰত্যক্ষ কৰি লগে লগে অঞ্চলটোৰ স্থানীয় ৰাইজে বিদ্যালয়খনৰ শিক্ষকবৃন্দক অৱগত কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বিদ্যালয়খনৰ শিক্ষকবৃন্দ উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।
বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনৰ কাৰ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰি সা-সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰি 'জয় মা কালি' লিখা থকা দেৱাল ঘড়ীটো লৈ উধাও হয় ৷ লগতে আলমিৰাত থকা গুৰুত্বপূৰ্ণ কাগজকে ধৰি ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ বহীও ফালি ছিঙি নষ্ট কৰে ।
ইয়াৰোপৰি দুস্কৃতিকাৰীয়ে কাৰ্যালয়টোৰ লগতে থকা এটা শ্ৰেণীকোঠাৰ ফেনৰ পাংখাসমূহ বেকা কৰি থাৱাৰ লগতে বিদ্যালয়খনৰ যথেষ্ট ক্ষতি-সাধন কৰে ৷ ইয়াৰ উপৰিও দুস্কৃতিকাৰীৰ দলটোৰ দ্বাৰাই বিদ্যালয়খনত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয় কৰ্তপক্ষই ৷
পৰৱৰ্তী সময়ত ঘটনা সংক্ৰান্তত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে ৰঙাপৰা আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ এটা দল উপস্থিত হোৱাৰ লগতে সমগ্ৰ ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত (Police investigation on) ৷
লগতে পঢ়ক: Medicines destroyed: চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত জ্বলিল লাখ লাখ টকাৰ ঔষধ