ETV Bharat / state

শতবৰ্ষ গৰকিলে শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তই - গুণমুগ্ধই

শতায়ু গৰকিলে শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তই । অসংখ্য় গুণমুগ্ধই উদযাপন কৰিলে জন্মদিন । এশ বছৰীয়া সত্ৰাধিকাৰ গৰাকীয়ে গালে বৰগীত, বজালে খোল ।

শতবৰ্ষ গৰকিলে শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ যজ্ঞেশ্বৰ মহন্তই

author img

By

Published : Dec 24, 2020, 7:30 PM IST

তেজপুৰ, ২৪ ডিচেম্বৰ : তেজপুৰৰ শ্ৰী শ্ৰী মদাৰগুৰি সত্ৰত আনন্দময় পৰিবেশ । সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যজ্ঞেশ্বৰ মহন্তই ১০০ বছৰত ভৰি দিয়াৰ সময়তে আনন্দ-উল্লাহ শুভাকাংক্ষীৰ মাজত । বেছেৰীয়া নিবাসী সত্ৰাধিকাৰ গৰাকীৰ জন্মদিনৰ বিশেষ দিনটোত সকলো শুভাকাংক্ষীৰ লগতে তেজপুৰৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক শুভেচ্ছা জনোৱাৰ লগতে বৰ্ষীয়ান সত্ৰীয়া শিল্পীগৰাকীৰ আশীৰ্বাদ গ্ৰহণ কৰে । সমান্তৰালকৈ সত্ৰাধিকাৰ গৰাকীৰ বিশেষ দিনটোত ভকত বৈষ্ণৱ সকলে সত্ৰত গুৰুজনাৰ ঘোষা গোৱাৰ লগতে দেৱবাদ্য বজাই সত্ৰাধিকাৰ গৰাকীৰ দীৰ্ঘায়ু কামনা কৰে ।

উল্লেখ্য যে, বেছেৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক যজ্ঞেশ্বৰ মহন্তৰ জন্মদিনটোত অঞ্চলৰ জ্যেষ্ঠজনৰ পৰা নতুন প্ৰজন্মৰ বহুকেইগৰাকী শিল্পীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই গীত-মাত-নৃত্য পৰিবেশন কৰে । ৮ পুহৰ দিনটোত শতায়ুত ভৰি দিয়া সত্ৰাধিকাৰগৰাকী এতিয়াও যেন দুৰন্ত তৰুণ ৷ তাকে প্ৰমাণ কৰি সত্ৰাধিকাৰ গৰাকীয়ে নিজে খোল বজাই পৰিবেশন কৰিলে বৰগীত ৷ তেওঁৰ স্পষ্ট কন্ঠৰ বৰগীতে মুহিলে সকলোকে ৷

বিশেষ দিনটোত এসময়ৰ ছাত্ৰ পিছলৈ সহকৰ্মী হিচাপে শিক্ষকতাৰ পৰা অৱসৰ লোৱা বৈষ্ণৱ পণ্ডিত যতীন বৰাইও সেৱা ল’লে গুৰুজনাৰ চৰণত ৷ সকলোৰে কামনা আৰু বহুদিন এইদৰেই গীত গাই নতুন প্ৰজন্মক মহাপুৰুষ জনাৰ সৃষ্টিৰাজিৰ বিষয়ে শিক্ষা দিব সত্ৰাধিকাৰগৰাকীয়ে ৷

লগতে পঢ়ক :নগাঁৱত তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.