তেজপুৰ, 8 জুলাই : ভাৰতীয় নৌসেনাই সম্পূৰ্ণ কৰিলে অপাৰেশ্যন সমুদ্ৰ সেঁতু । মহামাৰী কোভিড-19ৰ পৰিপ্ৰেক্ষিতত যোৱা 5 মে'ৰ পৰা ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয় আৰু বৈদেশিক মন্ত্ৰণালয়ৰ উদ্যোগত এই সমুদ্ৰ সেঁতু আৰম্ভ কৰিছিল ৷ বিদেশত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে কৰা অভিযানত সুৰক্ষিতভাৱে 3,992 গৰাকী ভাৰতীয়ক ঘূৰাই আনিবলৈ সক্ষম হয় নৌসেনা ।
![ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-8july-803-vispix-operationsamudrasetu-pranabkumardas-7203907_08072020211719_0807f_1594223239_93.jpg)
উল্লেখ্য যে, নৌসেনাই মুঠ 55 দিনত Jalashwa নেভেল বন্দৰত সৰদেৱল মাৰ্গৰ এই অভিযানত ভাগ লয় । প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে, নৌসেনাই সৰ্বমুঠ 23,000 কিলোমিটাৰ সাগৰীয় যাত্ৰা অতিক্ৰম কৰি বিদেশত থকা ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ ঘূৰাই আনে ৷
![ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-8july-803-vispix-operationsamudrasetu-pranabkumardas-7203907_08072020211719_0807f_1594223239_169.jpg)
জানিব পৰা মতে, নৌসেনাই 2006 আৰু 2015 চনত Sukoonৰ জৰিয়তে এই একেই অভিযান চলাইছিল । অভিযানত নৌসেনাই সকলো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ এই অভিযানৰ সময়ত যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা আৰু যাত্ৰীৰ বাবে ভেণ্টিলেচনৰ ব্যৱস্থা কৰা হৈছিল ।
![ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-8july-803-vispix-operationsamudrasetu-pranabkumardas-7203907_08072020211719_0807f_1594223239_655.jpg)
আনহাতে, জাহাজৰ ভিতৰত যাত্ৰীৰ বাবে Sick Bay or the clinic onboardৰো ব্যৱস্থা গ্ৰহণ কৰে । এই সময়ৰ ভিতৰত Jalashwa নামৰ সাগৰীয় জাহাজখনত কোচি আন্তঃৰাষ্ট্ৰীয় নৌবন্দৰ পোৱাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে চনিয়া জেকব নামৰ এগৰাকী মহিলাই এটি সন্তান জন্ম দিয়ে । ভাৰতীয় নৌসেনাই চিকিৎসা কৰ্মীৰ বাবে এই জাহাজত Naval IL-38 and Dornier aircraftৰ ব্যৱহাৰ কৰিছিল ।
![ভাৰতীয় নৌসেনাৰ সমুদ্ৰ সেঁতু অভিযানৰ সমাপ্তি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-8july-803-vispix-operationsamudrasetu-pranabkumardas-7203907_08072020211719_0807f_1594223239_123.jpg)
লগতে পঢ়ক : মুম্বাইত প্লাজমা থেৰাপি ইউনিট মুকলি কৰিলে শচীন তেণ্ডুলকাৰে