ETV Bharat / state

MDoNER: বিভিন্ন আঁচনিৰ অধীনত প্ৰকল্প ৰূপায়ণৰ বাবে মণিপুৰলৈ মুঠ ৩৬৩.১৪ কোটি টকা মুকলি

author img

By

Published : Jul 27, 2023, 9:47 PM IST

Updated : Jul 27, 2023, 9:58 PM IST

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত মণিপুৰলৈ মুকলি কৰি দিয়া হৈছে বৃহৎ পৰিমাণৰ ধনৰাশি ৷ অৱশ্যে বিভিন্ন শিতানত পুঁজি ব্যয়ৰ তথ্য এতিয়াও এতিয়াও লাভ কৰা নাই কেন্দ্ৰই ৷ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ৰাজ্যসভাত এক লিখিত উত্তৰত সদৰী কৰে এই কথা ৷

MDoNER
MDoNER

তেজপুৰ, ২৭ জুলাই: হিংসা জৰ্জৰিত মণিপুৰত শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত ৩৬৩.১৪ কোটি টকা মুকলি কৰাৰ তথ্য সদৰী কৰিছে উত্তৰ পূব উন্নয়ন পৰিষদে । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত এই ধনৰাশি মণিপুৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ৰাজ্যৰ পাহাৰ আৰু উপত্যকা অঞ্চলত বিভক্ত নহয় ।

MDoNER আৰু North Eastern Council (NEC) ৰ বিভিন্ন আঁচনিৰ অধীনত প্ৰকল্প ৰূপায়ণৰ বাবে মণিপুৰলৈ মুঠ ৩৬৩.১৪ কোটি টকা মুকলি কৰা হৈছে ৷ ইয়াৰে ২০২০-২১ চনত ১১৪.৯৯ কোটি টকা মুকলি কৰা হৈছে ৷ লগতে ২০২১-২২ চনত ১৪৫.২৪ কোটি টকা, ২০২২-২৩ চনত ৬৫.১৮ কোটি টকা আৰু ২০২৩-২৪ চনৰ ভিতৰত (জুন, ২০২৩ লৈকে) মুকলি কৰা হৈছে ৩৭.৭৩ কোটি টকা ।

২০২৩ চনৰ ৩০ জুন তাৰিখলৈকে উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত ৪.৫৫ কোটি টকাৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ বাকী আছে৷ নন-লেপচেবল চেণ্ট্ৰেল পুল অৱ ৰিচ’ৰ্চ-ষ্টেট আঁচনিৰ অধীনত ৫৪.৫৯ কোটি টকাৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ বাকী আছে ৷ পাহাৰীয়া অঞ্চল উন্নয়ন কাৰ্যসূচীৰ অধীনত ৯.৪৬ কোটি টকাৰ ব্যৱহাৰৰ প্ৰমাণপত্ৰ বাকী আছে ।

ইয়াৰ উপৰিও North Eastern Councilৰ আঁচনিৰ অধীনত ৮.৩৬ কোটি টকাৰ ব্যৱহাৰৰ প্ৰমাণ পত্ৰ আৰু উত্তৰ-পূব পথ খণ্ড উন্নয়ন আঁচনিৰ অধীনত ২৬.১৫ কোটি টকাৰ ব্যৱহাৰৰ প্ৰমাণ পত্ৰ কেন্দ্ৰই এতিয়াও লাভ কৰা নাই ৷

ব্যয়ৰ গতি আৰু পুঁজিৰ ব্যৱহাৰকে ধৰি প্ৰকল্পসমূহৰ অগ্ৰগতি ৰাজ্য চৰকাৰ,কাৰ্যকৰী সংস্থাৰ সৈতে নিয়মীয়া বৈঠকৰ জৰিয়তে নিৰীক্ষণ কৰা হয় ৷ কেন্দ্ৰীয় ন’ডেল এজেন্সী ব্যৱস্থা আৰু ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থাত আই এৰ বৰ্ডিঙৰ ওপৰত কাৰ্যবাহী সংস্থাসমূহলৈ ধনৰ বাস্তৱ সময়ৰ হস্তান্তৰ আদি ৷ এই তথ্য উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ৰাজ্যসভাত এক লিখিত উত্তৰত সদৰী কৰে ৷

লগতে পঢ়ক: Rahul Gandhi Slams PM Modi : বিজেপিৰ আদৰ্শই মণিপুৰক জ্বলাইছে বাবেই নীৰৱ প্ৰধানমন্ত্ৰী; ৰাহুল গান্ধী

Last Updated : Jul 27, 2023, 9:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.