ৰঙাপৰা, 24 ছেপ্টেম্বৰঃ সাহিত্য অকাডেমী আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ যৌথ উদ্যোগত ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'অসমীয়া লিপিত পঠন আৰু লিখনৰ বাবে অসমৰ চাহ জনগোষ্ঠীৰ ভাষা সমূহৰ এক উমৈহতীয়া ভাষাৰ উন্নয়ন' শীৰ্ষক আলোচনা চক্ৰখনি অনুষ্ঠিত হয় । অনুষ্ঠানত ভাগ লৈ প্ৰবীণ সাহিত্যিক ধ্ৰুৱজ্যোতি বৰাই ভাষা-সংস্কৃতি সম্পৰ্কত কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷ সাহিত্যিকগৰাকীয়ে প্ৰত্যেকটো জাতি-জনগোষ্ঠীৰ সুকীয়া ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে "ভাষাটো জীয়াই থাকিলেহে সংস্কৃতি জীয়াই থাকিব । গতিকে ভাষাটো জীয়াই ৰখাটো অত্যন্ত প্ৰয়োজন" বুলি মন্তব্য কৰে ৷ তেখেতে লগতে কয় যে, অসমত বসবাস কৰি অহা চাহ জনগোষ্ঠীৰ লোকসকলে নিজৰ মাতৃভাষা প্ৰয়োগ কৰি আহিছে যদিও তেখেতসকলৰ সন্তানসকলে অসমীয়া মাধ্যমত পঢ়া-শুনা কৰি আহিছে ৷ সেইবাবেই চাহ জনগোষ্ঠীৰ লোকসকল অসমীয়া জাতিৰ অবিচ্ছেদ অংগ বুলি বিবেচিত হৈ আহিছে ৷ অনুষ্ঠানটিত সাহিত্য অকাডেমীৰ অসমীয়া উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ ধ্ৰুৱজ্যোতি বৰা, কলিতাৰ সাহিত্য অকাডমীৰ আঁচনি বিষয়া ডঃ মিহিৰ কুমাৰ চাহু, বিশিষ্ট অসমীয়া সাহিত্যৰ সমালোচক ডঃ সুনীল কুমাৰ দত্ত, যোৰহাটৰ বিশিষ্ট সাহিত্যিক দেবেন তাচা, দৰং মহাবিদ্যালয়ৰ অধ্যাপক ডঃ জ্যোৎস্না শৰ্মা বেজবৰুৱা, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভানেত্ৰী মনোমতী কুৰ্মী, বিশিষ্ট সাহিত্যিক তথা সমালোচক সঞ্জয় কুমাৰ তাঁতীকে ধৰি বহুকেইজন সাহিত্যিক উপস্থিত থাকে ৷
ভাষা জীয়াই থাকিলেহে সংস্কৃতি জীয়াই থাকিবঃ ডঃ ধ্ৰুৱজ্যোতি বৰা
ৰঙাপৰা মহাবিদ্যালয়ত সাহিত্য অকাডেমী আৰু অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় আলোচনা চক্ৰ ৷ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ডঃ ধ্ৰুৱজ্যোতি বৰাকে আদি কৰি কেইবাজনো বিশিষ্ট সমল ব্যক্তি উপস্থিত থাকে ৷