ETV Bharat / politics

ৰাজ্যৰ গৃহ বিভাগ বিফল হৈছে : গৌৰৱ গগৈ - GAURAV GOGOI SLAMS ASSAM CM

চামগুৰিৰ হিংসাত্মক ঘটনাৰ আঁৰত আছে কোন ? মুখ্য়মন্ত্ৰীয়ে কিয় এই ঘটনা প্ৰতিৰোধৰ বাবে চেষ্টা কৰা নাই ? প্ৰশ্ন কৰিলে গৌৰৱ গগৈয়ে ।

MP Gaurav Gogoi
সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 1:35 PM IST

বিশ্বনাথ : অহা ১৩ নৱেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । এই উপ-নিৰ্বাচনক লৈ ৰাজ্যত সৃষ্টি হৈছে উত্তাল পৰিস্থিতিৰ । ৰাজ্যৰ অন্যতম বিধানসভা সমষ্টি চামগুৰিত দেখা গৈছে নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনা । ৰাজ্যৰ আন চাৰিটা সমষ্টিৰ তুলনাত চামগুৰি সমষ্টিটোত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত দৈনিক বৃদ্ধি পাইছে ভয়ংকৰ মাৰপিটৰ ঘটনা ।

ইয়াৰ মাজতেই দেওবাৰে বিহালীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে । যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয়, "অসমত নোহোৱা নোপজা ঘটনা সংঘটিত হ'বলৈ ধৰিছে । কাৰণ অসমত পূৰ্বে অনুষ্ঠিত হোৱা নিৰ্বাচনত কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল ।"

সাংসদ গৌৰৱ গগৈ (ETV Bharat Assam)

চামগুৰি সমষ্টিত সংঘটিত হিংসাত্মক ঘটনাত অসম চৰকাৰৰ গৃহ বিভাগক জগৰীয়া কৰিছে সাংসদ গৌৰৱ গগৈয়ে । তেওঁ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো দোষাৰোপ কৰে । স্থানীয় জিলাৰ আৰক্ষী অধীক্ষক ওপৰত ব্যৱস্থা ল'বলৈ দাবী জনায় সাংসদ গৌৰৱ গগৈয়ে ।

সাংসদগৰাকীয়ে কয়, "বৰ্তমান চৰকাৰৰ গৃহ বিভাগৰ দায়িত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । আৰক্ষী তেওঁলোকৰ, প্ৰশাসনো তেওঁলোকৰ, তেন্তে কেনেকৈ এইদৰে হিংসাত্মক ঘটনা, গুলীচালানাৰ ঘটনা সংঘটিত হ'বলৈ পাৰিছে । প্ৰথমে যদি এই ঘটনাৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হ'লহেতেন তেতিয়া ইমান উত্তপ্ত নহ'লহেঁতেন । সমষ্টিটোত সাধাৰণ জনতা ওলাব পৰা নাই, সাংবাদিক ওলাব পৰা নাই, সাংবাদিকৰ ওপৰত আক্ৰমণ, সাধাৰণ ভোটাৰৰ ওপৰত আক্ৰমণ, এয়া বিজেপি চৰকাৰৰ কাম ।"

তেওঁ পুনৰ কয়, "গৃহ বিভাগক বিফল হৈছে । গৃহ বিভাগৰ দায়িত্ব কোন আছে ? মুখ্যমন্ত্ৰী আছে যদিও আজি মুখ্যমন্ত্ৰী বিফল । অসম আৰক্ষী বিফল,নাগৰিকৰ ওপৰত আক্ৰমণ হৈছে,সাংবাদিকৰ ওপৰত আক্ৰমণ । নাগৰিকৰ দোকান-বজাৰ নষ্ট হৈছে । এক হুলস্থূলীয়া পৰিৱেশত আমাৰ মানুহবোৰ ভয় খাইছে, ভয়মুক্ত নিৰ্বাচন হ'ব লাগে । "

লগতে পঢ়ক:ঠিকাদাৰক সন্তুষ্ট কৰিবলৈকে দীঘলীপুখুৰী পাৰৰ ২০০ বছৰীয়া গছ কাটিব বিচাৰিছে চৰকাৰে: গৌৰৱ গগৈ

বিহালীত নিৰ্বাচনী প্ৰচাৰৰ মাজতেই গৌৰৱ গগৈৰ মুখত বিলাতী সুৰা আৰু ৰিপুন বৰাৰ মুখত গাখীৰৰ প্ৰসংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.