ETV Bharat / international

হাছিনাৰ দলৰ আশাত চেঁচাপানী ঢালিলে বিৰোধীয়ে ! - AWAMI LEAGUE RALLY SPOIL

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগক কোনো কাৰণতে ৰেলী অনুষ্ঠিত কৰিব নিদিয়ে বিৰোধীয়ে ।

Bangladesh Protest
হাছিনাৰ দলৰ আশাত চেঁচাপানী ঢালিলে বিৰোধীয়ে ! (AP)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 2:17 PM IST

ঢাকা : গণ বিক্ষোভৰ পিছত বাংলাদেশ এৰি পলাই যোৱাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ দল আৱামী লীগে পুনৰ প্ৰত্যাৱৰ্তনৰ সুযোগ বিচাৰি আছে । তাৰ মাজতে আৱামী লীগ দলে বাংলাদেশৰ ৰাজধানী ঢাকাত এক ৰেলী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছিল । অৱশ্যে হাছিনাৰ বিৰোধীসকলে আৱামী লীগৰ এই পৰিকল্পনা সফল হ'বলৈ নিদিলে ।

উল্লেখ্য যে, ১৯৮৭ চনৰ ১০ নৱেম্বৰত হাছিনাৰ দলৰ দ্বাৰা ঢাকাত আয়োজন কৰা সমদলত এগৰাকী দলীয় কৰ্মীৰ মৃত্যু হৈছিল । যাৰ পিছত প্ৰাক্তন সামৰিক একনায়ক এইছ.এম. ঈৰশাদৰ বিৰুদ্ধে এক গণ প্ৰতিবাদৰ সৃষ্টি কৰিছিল । অৱশেষত তেওঁক পদৰ পৰা বহিষ্কাৰ কৰা হয় আৰু ১৯৯০ চনত তেওঁৰ ৯ বছৰীয়া শাসনৰ সমাপ্তি ঘটে ।

সেই দিনটোক পিছত ‘‘গণতন্ত্ৰ দিৱস’’ হিচাপে স্মৰণ কৰা হয় । ১৯৯১ চনত বাংলাদেশে ৰাষ্ট্ৰপতিৰ শাসনৰ পৰা সংসদীয় গণতন্ত্ৰলৈ পৰিৱৰ্তন কৰে । তেতিয়াৰ পৰা হাছিনা আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া দেশৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক ব্যক্তিত্ব হৈ পৰে ।

আৱামী লীগৰ ৰেলীত বাধা

হাছিনাৰ দল আৱামী লীগে গণতন্ত্ৰ দিৱসৰ স্মৃতি হিচাপে দেওবাৰে ৰেলীৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল । কিন্তু হাছিনাৰ মুখ্য প্ৰতিদ্বন্দ্বী জিয়াৰ নেতৃত্বৰ দল বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টীৰ কৰ্মী আৰু জামাত-ই-ইছলামী দলৰ সদস্যসকলে ঢাকাৰ ৰাজপথলৈ ওলাই আহে আৰু হাছিনাৰ দলৰ সমদলক বাধা দিয়াৰ চেষ্টা চলায় ।

শ শ প্ৰতিবাদকাৰী শিক্ষাৰ্থীকে আন বহু লোকেও ঘোষণা কৰে যে তেওঁলোকে হাছিনাৰ সমৰ্থকসকলক ৰাজপথত সমদল কৰিবলৈ নিদিয়ে । প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকে ভাবিছিল যে হাছিনাৰ দলে দেওবাৰে ৰাজপথত এক সমদল অনুষ্ঠিত কৰি পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ চেষ্টা কৰি আছে ।

শ শ লোকে ঢাকাৰ নুৰ হুছেইন স্কোৱেৰৰ সমীপৰ আৱামী লীগ দলৰ মুখ্য কাৰ্যালয় ঘেৰি ধৰে য'ত হাছিনাৰ সমৰ্থকসকলে ৰেলী অনুষ্ঠিত কৰিবলৈ একত্ৰিত হোৱাৰ কথা আছিল । ইফালে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয় । অৱশ্যে একাংশ প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় সংবাদ মাধ্যমৰ মতে প্ৰতিবাদকাৰীসকলে হাছিনাৰ কেইবাজনো সমৰ্থকক আক্ৰমণ কৰে ।

ইয়াৰ বিপৰীতে আৱামী লীগ দলে অভিযোগ কৰে যে তেওঁলোকৰ বহু কৰ্মীক আৰক্ষীয়ে আটক কৰে । হাছিনা বিৰোধী প্ৰতিবাদকাৰীসকলেও দাবী কৰে যে তেওঁলোকে দলটোক কোনো পৰিস্থিতিত কোনো ৰাজহুৱা সমদল অনুষ্ঠিত কৰিবলৈ নিদিয়ে । ইফালে আৱামী লীগ দলে দেওবাৰে ফেচবুকত কেইবাটাও ভিডিঅ' পোষ্ট কৰিছে য'ত দলৰ সমৰ্থকসকলক সংঘৰ্ষত লিপ্ত হোৱা দেখা গৈছে ।

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা

উল্লেখ্য যে, দক্ষিণ এছিয়াৰ দেশখনত ৰাজনৈতিক বিশৃংখলতা অব্যাহত আছে । কিয়নো জিয়াৰ দলে শান্তিৰ নবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰৰ পৰা দ্ৰুত সংস্কাৰ আৰু নতুন নিৰ্বাচনৰ দাবী কৰি আছে । দলটোৱে বিশ্বাস কৰে যে হাছিনাৰ দলৰ অনুপস্থিতিত তেওঁলোকে নতুন চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব । একেদৰে ইউনুছ নেতৃত্বাধীন চৰকাৰেও কৈছে যে তেওঁলোকে হাছিনা আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ প্ৰত্যাৰ্পণ বিচাৰি আছে ।

লগতে পঢ়ক :কানাডাৰ এছডিএছ ভিছা কাৰ্যসূচী বাতিল; প্ৰভাৱিত হ'ব নেকি ভাৰতীয় শিক্ষাৰ্থী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.