ETV Bharat / state

Landslide:ভূমিস্খলনত অৰুণাচল প্ৰদেশত বন্ধ হৈ পৰিছে পথ; আৰম্ভ নিষ্কাশনৰ কাম

পশ্চিম অৰুণাচল প্ৰদেশৰ ৰূপা ব্লক পইণ্টত পুনৰ আৰম্ভ হৈছে পথ নিষ্কাশনৰ কাম ৷

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 9:19 PM IST

landslide
আৰম্ভ হৈছে পথ নিষ্কাশনৰ কাম

তেজপুৰ, ৩০ আগষ্ট : বিগত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পশ্চিম অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত ভূমিস্খলন হৈ কেবাঠাইতো যোগাযোগ ব্যৱস্থা বিছিন্ন হৈছে । পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপা অঞ্চলত মঙলবাৰৰে পৰা ভূমিস্খলনৰ ফলত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈছে । বৰ্তমান পথ মুকলি কৰাত ব্যস্ত প্ৰশাসন ।

পশ্চিম অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপা অঞ্চলত মঙলবাৰৰে পৰা ভূমিস্খলনৰ ফলত যাতায়ত ব্যৱস্থা বিঘ্নিত হৈ আছে । বৰ্তমান পথ মুকলি কৰাত ব্যস্ত প্ৰশাসন । ৰূপা ব্লক পইণ্ট এলেকাত মঙলবাৰে পুৱাৰে পৰা পুনৰ পথ নিষ্কাশনৰ কাম আৰম্ভ হৈছে ।

ভূমিস্খলনৰ বাবে পথৰ মাজভাগত প্ৰকাণ্ড শিল পৰি আছে আৰু সেইবোৰ বিস্ফোৰণ কৰি পথটো পৰিষ্কাৰ কৰি আছে সীমান্ত পথ নিৰ্মাণ সংস্থাই । ভূমিস্খলনৰ ফলত আনকি পথৰ বৃহৎ বৃহৎ অংশ ধ্বংস হৈ গৈছে । স্থানীয় লোকৰ মতে বুধবাৰে বিয়লি সৰু বাহনৰ বাবে পথটো মুকলি হ’ব পাৰে । যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ লাগি থকা লোকসকল পূৰ্ণ গতিত আগবাঢ়িছে আৰু পথটোত যান বাহনৰ চলাচল সুচল কৰিবলৈ অহৰহ কাম কৰি আছে ।

আনহাতে এই ভূমিস্খলনৰ ফলত হাজাৰ হাজাৰ যাতায়তকাৰী অসুবিধাৰ সন্মুখীন হৈছে আৰু এই কঠিন সময়ৰ মাজত ভাৰতীয় সেনাই তেওঁলোকক খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি সহায় কৰি আছে । ৰূপা পথছোৱা বমদিলাৰ টেঙা পৰাৰ পৰা সংযোগী হৈ কালেকতং আৰু ওৰাং লৈ সংযুক্ত হৈ আছে । ৰূপাত ভাৰতীয় সেনাৰ এক বৃহৎ সংখ্যক ব্ৰিগেড আছে । আনহাতে বালিপৰা চাৰিদুৱাৰ টাৱাং সংযোগী পথতোও সোমবাৰে ভূমিস্খলন হৈ বন্ধ হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত সীমান্ত পথ সুৰক্ষা বাহিনীয়ে মুকলি কৰি দিয়ে ।

লগতে পঢ়ক : ISRO Aditya L1 Mission : চন্দ্ৰযান ৩ৰ সাফল্য আৰু আদিত্য এল১ৰ প্ৰস্তুতি; গৌৰৱান্বিত তেজপুৰ বিশ্ববিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.