তেজপুৰ ,১ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ বালিপৰাৰ খনামুখত বছৰৰ প্ৰথম দিনটোতে পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক ৷ নিহত যুৱক দুজন হৈছে প্ৰকাশ সাহ (২৫) আৰু বিশাল বিশ্বাস (২২) ৷ খনামুখৰ পৰা বালিপৰা অভিমুখে AS-12-Y-3624 নম্বৰৰ মটৰ চাইকেলেৰে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত পৰি অকাল মৃত্যুক সাৱতে যুৱক দুগৰাকীয়ে ৷
আনহাতে, 2020 চনৰ প্ৰথম দিনটোতে দুৰ্ঘটনাত দুজনকৈ যুৱকৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ৷
আৰু পঢ়কঃপহিলা জানুৱাৰীত পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি ৰাজ্যজুৰি