তেজপুৰ, 4 মে' : ফেনীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত প্ৰশাসনে বন্ধ ৰাখিছে সকলো ধৰণৰ নৌ সেৱা ব্যৱস্থা ৷ কিন্তু প্ৰশাসনৰ সতৰ্কতাক উপলুঙা কৰি বিভিন্ন ঠাইত বৰ্তমানেও অব্যাহত আছে নাও চলাচল ৷
তেজপুৰ চহৰৰ কাষতে অৱস্থিত ব্ৰহ্মপুত্ৰ নদীৰ মাজত সকলো ধৰণৰ যান্ত্ৰিক নাও আৰু টুলুঙা নাৱৰ চলাচল বন্ধ ৰখাৰ সময়তে দেখা পোৱা গৈছে এক বিপৰীত ছবি ৷ জিলা প্ৰশাসনৰ এই বাধাক নেওচি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমানেও চলি আছে টুলুঙা নাও ৷
ব্ৰহ্মপুত্ৰত ইতিমধ্যে বাঢ়িছে প্ৰবল ঢৌ আৰু সমান্তৰাল ভাৱে আৰম্ভ হৈছে বৰষুণ৷ এনে পৰিস্থিতিত বিপদসংকুলভাৱে অব্যাহত ৰখা নাও সেৱা ৰোধ কৰিবলৈ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ৷