ETV Bharat / state

AN 32 বিমান দুৰ্ঘটনাঃ কি পৰ্যায়ত উদ্ধাৰ কাৰ্য ?

অষ্টম দিনৰ অন্তত AN-32ৰ বিমানৰ ধ্বংসাৱশেষৰ উদ্ধাৰ পাচতেই ককপিট ভইচ ৰেকৰ্ডাৰ আৰু এফ ডি আৰৰ সন্ধান লাভ কৰি উদ্ধাৰ কৰিছে যদিও বৰ্তমানেও বাকী আছে উদ্ধাৰ কাৰ্যৰ অৱশিষ্ট কাম ৷ প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে উদ্ধাৰ অভিযানত ৷

AN 32 বিমান দুৰ্ঘটনাঃ কিমান দুৰ্বিষহ উদ্ধাৰ কাৰ্য !
author img

By

Published : Jun 14, 2019, 8:48 PM IST

তেজপুৰ, ১৪ জুন : অৰুণাচলৰ পায়ুম আৰু তাটু পাহাৰৰ নামনিত পৰ্বতাৰোহীৰ দল অৱতৰণ কৰা হৈছিল ভাৰতীয় বায়ু সেনাৰ বিমানৰে ৷ প্ৰতিকূল বতৰকো নেওচি উদ্ধাৰৰ বাবে বৰ্তমানেও অৱস্থান কৰি আছে ১৮ জনীয়া দলটি ৷ এয়াৰ ড্ৰপিঙৰে অৱতৰণ কৰোৱা হৈছিল পৰ্বতাৰোহী সকলক ৷ বায়ুসেনাৰ ধ্বংসপ্ৰাপ্ত বিমানৰ ককপিট ভইচ ৰেকৰ্ডাৰ, চি ভি আৰ, ফ্লাইট ডাটা ৰেকৰ্ডাৰ, আৰু এফ ডি আৰ শুকুৰবাৰে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দলটোৱে ৷

AN 32 বিমান দুৰ্ঘটনাঃ কিমান দুৰ্বিষহ উদ্ধাৰ কাৰ্য !

কিন্তু এতিয়াও ধ্বংসপাপ্ত স্থানতে ৰখা হৈছে বায়ু সেনাৰ শ্বহীদ সকলক ৷ কাৰণ প্ৰতিকূল বতৰৰ বাবে বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলটো ৷ সেয়েহে এই মূহূৰ্তলৈকে এয়াৰ লিফ্ট কৰিবলৈ সক্ষম হোৱা নাই দলটো ৷ এই কথা সদৰী কৰিছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷

বেয়া বতৰৰ বাবে স্থলসেনা, বায়ু সেনা আৰু ৰাজ্যিক পৰ্বতাৰোহীৰ দলটো এতিয়াও সক্ষম হোৱা নাই দুৰ্ঘটনাস্থলীৰ পৰা উঠি আহিবলৈ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যিক প্ৰশাসনৰ পৰা ৩ জন পৰ্বতাৰোহীক উক্ত স্থানলৈ প্ৰৰণ কৰিছিল ৷ ইয়াৰ পূৰ্বে বায়ু সেনাৰ ৯ জন, স্থলসেনাৰ ৪ জন আৰু ৰাজ্যিক প্ৰশাসনৰ ২ জন মুঠ ১৫ জনীয়া দল প্ৰেৰণ কৰা হৈছিল ৷

বৰ্তমানে মুঠ ১৮ জন উদ্ধাৰকাৰীয়ে দুৰ্ঘটনাস্থলীত অৱস্থান কৰি আছে ৷ প্ৰৱল বৃষ্টিপাত আৰু ঘন কুঁৱলীয়ে উদ্ধাৰ কাৰ্যত অসুবিধাৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, ধ্বংসাৱশেষৰ স্থানৰ পৰা 200 বাৰৰো অধিক উৰণৰ চেষ্টা চলাইয়ো প্ৰতিকূল বতৰৰ বাবে সফল হ’বলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলটো ৷

উদ্ধাৰ কাৰ্যৰ সৱিশেষ তথ্য 

AN -32 ৰ  ককপিট ভইচ ৰেকৰডাৰ আৰু এফ ডি আৰ  উদ্ধাৰ 
এতিয়াও বাকী উদ্ধাৰ কাৰ্য 

তেজপুৰ,১৪ জুন : কিমান দুৰ্বিষহ উদ্ধাৰ কাৰ্য ! অৰুনাচলৰ পায়ুম আৰু তাটু পাহাৰৰ নামনীত পৰ্বত আৰোহীৰ দল এইদৰে বায়ু সেনাৰ বিমানৰে অৱতৰন কৰা হৈছিল ৷ প্ৰতিকূল বতৰকো নেওচি উদ্ধাৰৰ বাবে বৰ্তমানেও অৱস্থান কৰি আছে ১৮ জনীয়া দলটি ৷ এয়াৰ দ্ৰপিঙৰে অৱতৰন কৰোৱা হৈছিল ৷

বায়ুসেনাৰ ধ্বংস পাপ্ত বিমানৰ ককপিট ভইচ ৰেকৰডাৰ CVRআৰু ফ্লাইট ডাটা ৰেকৰডাৰ  FDR   আজি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ঘটনাস্থলীৰ পৰা ৷
বায়ু সেনাৰ শ্বহীদ সকল এতিয়াও ধ্বংসপাপ্ত স্থানতে ৰখা হৈছে প্ৰতিকূল বতৰে উদ্ধাৰ কাৰী দলক যথেষ্ট বাধাৰ সৃষ্টি কৰাৰ বাবে এই মুহুৰ্তলৈকে  এয়াৰ লিফ্ট কৰিব পৰা হোৱা নাই বুলি জনাইছে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে ৷
সেনা , বায়ু সেনা আৰু ৰাজ্যিক পৰ্বতাৰোহীৰ দলে এতিয়াও সক্ষম হোৱা নাই দুৰ্ঘটনা স্থলীৰ পৰা উথিবলৈ ৷
আনহাতে বৃহস্পতিবাৰে ৰাজ্যিক প্ৰশাসনৰ পৰা আৰু ৩ জন পৰ্বতাৰোহীক উক্ত স্থানলৈ প্ৰৰণ কৰে ,পূৰ্বে বায়ু সেনাৰ ৯ জন , সেনাৰ ৪ জন আৰু ৰাজ্যিকৰ ২ জনৰে মুঠ ১৫ জনীয়া দল প্ৰেৰন কৰিছিল , বৰ্তমান মুঠ ১৮ উদ্ধাৰকাৰীয়ে দুৰঘটনাস্থলিত অৱস্থান কৰি আছে ৷ প্ৰৱল বৃষ্টি পাত আৰু ঘন কুঁৱলীয়ে   উদ্ধাৰ কাৰ্যত আজিও অসুবিধাৰ সৃষ্টি কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.