তেজপুৰ, 22 মে’: দেওবাৰে দুপৰীয়া শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক পৰ্যালোচনা বৈঠকত (Review meeting at Sonitpur DC office) অংশগ্ৰহণৰ উদ্দেশ্যে উপস্থিত হয় সাংসদ পল্লৱলোচন দাস আৰু বিজেপি বিধায়ক পদ্ম হাজৰিকা ৷ দুয়োগৰাকী জন প্ৰতিনিধিয়ে শোণিতপুৰৰ জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত ৷ চৰকাৰী আঁচনিসমূহৰ কাৰ্যকাৰিতাৰ খতিয়ান লোৱাৰ পিছতে সাংসদ পল্লৱলোচন দাস আৰু বিধায়ক পদ্ম হাজৰিকাই সন্মুখীন হয় সংবাদ মাধ্যমৰ বিভিন্ন প্ৰশ্নৰ ৷
লগতে চাওক: Tense Situation at Batadrava: উত্তেজিত লোকে জ্বলাই দিলে বটদ্ৰৱা আৰক্ষী থানা
সাংবাদিকে দুয়োগৰাকীকে বটদ্ৰৱা কাণ্ড(Tense Situation at Batadrava) ৰ সম্পৰ্কে প্ৰশ্ন কৰাত দুয়ো সুকীয়াকৈ প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে(Reaction of Pallav Lochan Das on tense Situation at Batadrava) হাতত কেৰাচিনৰ টিন লৈ এখন থানা আক্ৰমণ কৰিবলৈ যোৱাতো পূৰ্ব পৰিকল্পিত ঘটনা বুলি দাবী কৰাৰ লগতে এই কাণ্ডত জড়িত অধিকাংশ দোষী মহিলা হোৱাতো তেনেই দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে ৷
লগতে চাওক: থানা জ্বলোৱাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ’ব : পীযুষ হাজৰিকা
আনহাতে, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই(Reaction of Padma Hazarika on tense Situation at Batadrava) বটদ্ৰৱা কাণ্ডত জড়িত দোষীৰ কঠোৰ শাস্তিৰ দাবী কৰে ৷ যাতে পৰৱৰ্তী সময়ত ৰাজ্যত এনেধৰণৰ অনাকাংক্ষিত ঘটনাৰ পুনৰাবৃত্তি নঘটে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে, দোষীৰ শাস্তি ইমানেই কঠোৰ হোৱা উচিত যে ভৱিষ্যতে যাতে কোনো লোকে এনেদৰে থানাত প্ৰৱেশ কৰিবলৈ সাহস কৰিব নোৱাৰে ৷
এফালে বটদ্ৰৱাৰ স্থানীয় বিধায়িকা শিৱামণি বৰাই ঘটনা সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যৰো বিৰোধিতা কৰে বিধায়ক হাজৰিকাই ৷ তেওঁ কয় যে, বিধায়িকা শিৱামণি বৰাই যি উদ্ভট মন্তব্য প্ৰকাশ কৰিছে, জন প্ৰতিনিধিয়ে তেনে কৰিলে শোভা নাপায় আৰু এয়া উচিতো নহয় ৷
লগতে চাওক: Tense Situation at Batadrava : পৰিস্থিতি পৰিদৰ্শন কৰি কি ক’লে বিধায়িকা শিৱামণি বৰাই ?
তদুপৰি দুয়োগৰাকী প্ৰতিনিধিয়ে এই সমগ্ৰ ঘটনাৰ আঁৰত জেহাদী নাইবা অন্যান্য উগ্ৰপন্থী সংগঠন জড়িত থকাৰো সম্ভাৱনা ব্যক্ত কৰে ৷ উল্লেখ্য যে, পূৰ্বতে নগাঁৱৰ ধিঙতো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷
লগতে চাওক: বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া অপৰাধীৰ বাসগৃহ উচ্ছেদ