ETV Bharat / state

কৃষি-কৰ্মৰে স্বাৱলম্বী হোৱা নতুন পথ ৰঙাপৰাৰ এজন যুৱকৰ কাহিনী - স্বাৱলম্বীতা

কৃষি-কৰ্মৰে স্বাৱলম্বীতাৰ নতুন পথঃপাঞ্জাৱত কৃষি উৎপাদনৰ ৫ বছৰ প্ৰশিক্ষণ লৈ অহা ওৰাঙে দেখুৱাইছে কম মাটিত অধিক লাভৰ নিদৰ্শন ৷

কৃষি-কৰ্মৰে স্বাৱলম্বীতাৰ নতুন পথ ৰঙাপৰাৰ এজন যুৱকৰ
author img

By

Published : Apr 2, 2019, 12:52 PM IST

ৰঙাপৰা, ২ এপ্ৰিলঃৰাজ্যৰ একাংশ যুৱকে চৰকাৰী চাকৰিৰ আশা কৰি থকাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ নাথগাঁৱৰ এজন যুৱকে দাঙি ধৰিছে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন। কৃষি-কৰ্মৰ জৰিয়তে বিৰ্জু ওৰাঙ নামৰ যুৱক জনে বাছি লৈছে স্বাৱলম্বীতাৰ নতুন পথ । পাঞ্জাৱত কৃষি উৎপাদনৰ বাবে ৫ বছৰ প্ৰশিক্ষণ লৈ অহা ওৰাঙে প্ৰথমে ৪ বিঘা মাটিত আৰম্ভ কৰা এই কৃষি বৃত্তিত ১০৭ মোন ধান পাইছিল। তাৰ পাচৰ পৰাই যুৱকজনে একাদিক্ৰমে কৰি গৈছে এই কৃষি কাৰ্য । বৰ্তমান ১০ বিঘা মাটিত যুৱকজনে ধানখেতি কৰি আছে যদিও জলসিঞ্চনৰ কোনো সুবিধা নথকাৰ বাবে খেতি-পথাৰত বহু সমস্যাই দেখা দিয়াৰ কথা উল্লেখ কৰে যুৱকজনে । ইফালে, ই.টি.ভি.ৰ সাংবাদিকৰ আগত যুৱকজনে চৰকাৰৰ পৰা কোনো সহায়-সহযোগিতাৰ নোপোৱাৰ কথাও ব্যক্ত কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজক বিভিন্ন সুবিধা প্ৰদান কৰি কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰতি আহ্বান জনাই কৃষক বিৰ্জু ওৰাঙে ।

কৃষি-কৰ্মৰে স্বাৱলম্বীতাৰ নতুন পথ ৰঙাপৰাৰ এজন যুৱকৰ

আনহাতে, বিৰ্জু ওৰাঙৰ কৰ্মতঅনুপ্ৰাণিত হৈএকে গাওঁৰে আন দুজন যুৱক হোমন ভূঞা আৰু মইনা নাথে আৰম্ভ কৰিছেনতুনকৈ কৃষি-কাৰ্য ।

Intro:ৰঙাপৰাত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে বিৰ্জু ওৰাঙে।Body:Slug-- ৰঙাপৰাত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে বিৰ্জু ওৰাঙে

ৰঙাপৰাঃ ৰাজ্যৰ একাংশ শিক্ষিত নিবনুৱা যুৱকে এটা চৰকাৰী চাকৰি পোৱাৰ আশাতে ৰৈ থাকি জীৱনৰ মূল্যৱান সময়খিনি নষ্ট কৰি অহা পৰিলক্ষিত হৈছে। কিন্তু তেনে সময়তে শোণিতপুৰৰ ৰঙাপৰাত এজন যুৱকে কেনেদৰে নিজকে স্বাৱলম্বী হোৱাৰ পথ বাছি লব পাৰি তাৰ এক নিদৰ্শন দাঙি ধৰিছে। ৰঙাপৰাৰ নাথগাঁৱৰ নিৱাসী বিৰ্জু ওৰাঙে প্ৰায় বছৰ আগতে সূদূৰ পঞ্জাৱৰ চিপিৰিয়া জিলালৈ কৰ্ম সংস্থাপনৰ বাবে গৈছিল। পাঞ্জাৱত ওৰাঙে কেনেদৰে কৃষি উৎপাদন কৰিব পাৰি সেয়া অনুকৰণ কৰিছিল। পাছত ওৰাঙে স্বগৃহলৈ ঘূৰি আহি নিজৰ কৃষি ভূমিত ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰে। কৃষকজনে বৰ্তমান ১০ বিঘা কৃষি ভূমিত কৰিছে বড়ো ধানৰ খেতি। বিগত বৰ্ষত কৃষকজনে ৪ বিঘা ভূমিত কৰা খেতিত ১০৭ মোন বড়ো ধান উৎপাদন হৈছিল। গাভৰু নদীৰ পাৰত চৰকাৰৰ কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা নথকাত কৃষকজনে নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰি লৈছে। ইফালে এইজন কৃষকৰ পৰামৰ্শ মৰ্মে নাথগাঁৱৰ হোমন ভূঞাই ৪ বিঘা আৰু মইনা নাথে ৪ বিঘা কৃষি ভূমিত বড়ো ধানৰ খেতি কৰিছে। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ গ্ৰাম্য অঞ্চলৰ কৃষক ৰাইজক বিভিন্ন সুবিধা প্ৰদান কৰি কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ আহ্বান জনাইছে কৃষক বিৰ্জু ওৰাঙে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.