ETV Bharat / state

তাৰাজুলি চাহ বাগিচাত পুনৰ আক্ৰমণ চলালে বন্যহস্তীয়ে - তাৰাজুলি চাহ বাগিচান বনৰীয়া হাতীৰ আক্ৰমণ বাতৰি

31 ডিচেম্বৰৰ নিশা ঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত চাৰিটাকৈ বনৰীয়া হাতীয়ে আক্ৰমণ চলাই দুটাকৈ বাসগৃহৰ লগতে সুলভ মূল্যৰ দোকান আৰু বাহনৰ ক্ষতিসাধন কৰে ৷

AS_Rangapara_tarajuli-tea-garden-wild-elephant-attack_img_ASC10041
তাৰাজুলি চাহ বাগিচাত পুনৰ আক্ৰমণ চলালে বন্যহস্তীয়ে
author img

By

Published : Jan 1, 2021, 10:56 AM IST

Updated : Jan 1, 2021, 1:08 PM IST

ৰঙাপৰা,1 জানুৱাৰী: ৰঙাপৰাৰ তাৰাজুলি চাহ বাগিচাত পুনৰ বন্যহস্তীৰ তাণ্ডৱ ৷ 31 ডিচেম্বৰৰ নিশা বাগিচাখনৰ হাস্পতাল লাইনত চাৰিটাকৈ বনৰীয়া হাতী প্ৰৱেশ কৰে ৷ ইয়াৰ পিছতেই হাতীকেইটাই প্ৰমিলা খৰ আৰু জিনিমা হিয়াল নামৰ দুগৰাকীকৈ মহিলাৰ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰে ৷ ইয়াৰ উপৰিও হাতীৰ জাকটোৱে এখন মটৰচাইকেলৰো ক্ষতিসাধন কৰে ৷

তাৰাজুলি চাহ বাগিচাত পুনৰ আক্ৰমণ চলালে বন্যহস্তীয়ে

ইয়াৰ উপৰিও হাতীৰ জাকটোৱে বাগিচাখনৰ ৰাজেন্দ্ৰ দোগ্গাৰৰ সুলভ মূল্যৰ দোকাখনো সম্পূৰ্ণৰূপে ভাঙি পেলায় ৷ ইয়াৰ পূৰ্বে বনৰীয়া হাতীয়ে ৰাজেন্দ্ৰ দোগ্গাৰৰ দোকানখন কেইবাবাৰো ক্ষতিসাধন কৰা বুলি জানিবলৈ দিয়ে গাওঁবাসীয়ে ৷ উল্লেখ্য যে, প্ৰায় প্ৰতিদিনে তাৰাজুলি চাহ বাগিচাত আক্ৰমণ চলাই আহিছে বন্যহস্তীয়ে ৷ এই সন্দৰ্ভত বাগিচাৰ লোকসকলে বাৰাম্বাৰ বন বিভাগক অবগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগটোৱে ৷ যাৰ বাবে বাৰে বাৰে জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷

লগতে পঢ়ক-পেট্ৰলিয়াম ক্ষেত্ৰ 2020: সমগ্ৰ দেশৰ বাবে ক্লিনাৰ অট' ইন্ধন আৰু দৰিদ্ৰজনৰ বাবে ৰন্ধন গেছ

Last Updated : Jan 1, 2021, 1:08 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.