ETV Bharat / state

বিপদত পৰিছে ৰঙাপৰাৰ একাংশ লোক... - বিধ্বস্ত ৰূপ

কেবাবাৰো সহায় বিচাৰি বিমুখ হৈছে তেওঁলোক ৷ কোনে শুনিব তেওঁলোকৰ কথা,কাক ক'ব ?

বিপদত গাঁওবাসী
author img

By

Published : Jul 11, 2019, 5:04 PM IST

ৰঙাপৰা,11 জুলাইঃ শোচনীয় অৱস্থা ৰঙাপৰা সমষ্টিৰ একাংশ পথ ৷ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ। উল্লেখ্য যে ৰঙাপৰা-ধেন্দাই,ৰঙাপৰা-তাৰাজুলী সংযোগী অতি গুৰুত্বপূৰ্ণ পথচোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। গড়কাপ্তানী পথচোৱাৰ এনে শোচনীয় অৱস্থাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে বৃহত্তৰ এই অঞ্চলটোৰ ৰাইজে।

বিপদত গাঁওবাসী

উল্লেখযোগ্য যে, ২০০৭-০৮ বৰ্ষত ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ উন্নয়ন আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ দ্বাৰা ঠিকাদাৰ সূৰ্য দাসে পথটো নিৰ্মাণ কৰিছিল, কিন্তু ৩.৯০ কিলোমিটাৰ দৈৰ্ঘৰ পথচোৱা পৰৱৰ্তী সময়ত মেৰামতি নকৰাৰ ফলত বৰ্তমান সময়ত বিধ্বস্ত হৈ পৰিছে পথছোৱা। যাৰবাবে বিধ্বস্ত পথেৰে যাতায়ত অব্যাহত ৰাখিছে সাধাৰণ ৰাইজে ৷

Intro:ৰঙাপৰা-ধেন্দাই সংযোগী পথৰ বিধ্বস্ত ৰূপঃ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিছে ৰাইজ, ছাত্ৰ-ছাত্ৰীBody:ৰঙাপৰাঃ ৰঙাপৰা সমষ্টিত একাংশ পথ অতিকৈ বিধ্বস্ত হৈ পৰিছে। যাৰ ফলত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈছে। উল্লেখ্য যে ৰঙাপৰা-ধেন্দাই, ৰঙাপৰা-তাৰাজুলী সংযোগী এটি অতি গুৰুত্বপূৰ্ণ পথ। পথচোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। যেন পথ নহ’য় পুখুৰীহে। গড়কাপ্তানি পথচোৱাৰ এনে শোচনীয় অৱস্থাৰ বাবেই বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম যন্ত্ৰণা ভুগিবলগীয়া হৈছে। উল্লেখযোগ্য যে, পথচোৱা ২০০৭-০৮ বৰ্ষত ভাৰত চৰকাৰৰ প্ৰধান মন্ত্ৰী গ্ৰাম্য পথ উন্নয়ন আঁচনিৰ অধীনত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাত ঠিকাদাৰ সূৰ্য্য দাসে নিৰ্মাণ কৰিছিল। ৩.৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা পৰৱৰ্তী সময়ত মেৰামতি নকৰাৰ ফলত আজি অতি বিধ্বস্ত হৈ পৰিছে। পথচোৱাৰে অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে পথৰ মাজত জমা হোৱা লেতেৰা পানী গছকি যাতায়ত কৰিবলগীয়া হৈছে। বিধ্বস্ত পথচোৱা মেৰামতি কৰাৰ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে । কেইবাখনো চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ উক্ত পথচোৱাৰে প্ৰতিদিনে যাতায়ত কৰি আহিছে ৷ সম্প্ৰতি মৰণ ফান্দলৈ পৰিণত হোৱা পথচোৱা বিভাগীয় কৰ্তৃপক্ষই কেতিয়া মেৰামতি তথা নিৰ্মাণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.