ETV Bharat / state

ৰঙাপৰাত মহিলাৰ ওপৰত বীৰত্ব প্ৰদৰ্শন আৰক্ষীৰ - ৰঙাপৰাৰ ফুলগুৰিত মুৰ্গী চুৰি

ন্যায় বিচাৰি যোৱা মহিলাক প্ৰহাৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ৷ পথ অৱৰোধ স্থানীয় ৰাইজৰ ৷

rangapara protest public aginest  police
ৰঙাপৰাত পথ অৱৰোধ স্থানীয় ৰাইজৰ
author img

By

Published : Jun 25, 2020, 10:31 PM IST

ৰঙাপৰা,25জুন : শোণিতপুৰ জিলাত ন্যায় বিচাৰি যোৱা একাংশ নিৰ্দোষী মহিলাক লাঠিৰে প্ৰহাৰ কৰি বীৰত্ব প্ৰদৰ্শন অভিযোগ অসম আৰক্ষীৰ বিৰুদ্ধে । ইয়াকে লৈ শোণিতপুৰ জিলাৰ ৰঙাপৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। যোৱা ২৩ জুনৰ নিশা ৰঙাপৰাৰ ফুলগুৰিত মুৰ্গী চুৰিক লৈ এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষী থানাত দুয়োপক্ষই এজাহাৰ দাখিল কৰিছিল । কিন্তু অনাহকত প্ৰদীপ নাগৰ তিনিজন পুত্ৰ ক্ৰমে নিৰ্মল নাগ, জয়দেৱ নাগ আৰু বিতু নাগে, কানু দেৰ পুত্ৰ জয়ন্ত দে, ভাস্কৰ দেৰ লগতে চুবুৰীয়া বিশ্বজিৎ সৰকাৰ আৰু উজ্জ্বল দেৰ নামত এজাৰহাৰ দাখিল কৰে । নিৰ্দোষী ব্যক্তিসকলৰ ওপৰত মিছাকৈ এজাহাৰ দিয়া কাৰ্যত ফুলগুৰিৰ ৰাইজ ক্ষুব্ধ হৈ পৰে ।

ৰঙাপৰাত পথ অৱৰোধ স্থানীয় ৰাইজৰ

বৃহস্পতিবাৰৰ দিনৰ ১ বজাত প্ৰতিকূল বতৰৰ বাধা নেওচি ৰঙাপৰা আৰক্ষী থানাৰ চৌহদত ফুলগুৰিৰ ৰাইজ উপস্থিত হয়। ৰাইজৰ উপস্থিত প্ৰত্যক্ষ কৰি ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া বুধিন পেগু খঙত অগ্নিশৰ্মা হৈ পৰে। আৰক্ষী বিষয়াজনে ৰাইজৰ সৈতে আলোচনাত মিলিত হোৱাৰ বিপৰীতে ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ জোৱানসকলক নিৰ্দেশ দিয়ে। ইপিনে আৰক্ষীৰ জোৱানসকলে একাংশ মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ তোলে। মহিলাসকলক বিনা কাৰণত অত্যাচাৰ চলোৱাৰ কাৰ্যত ক্ষোভিত হৈ ৰঙাপৰাৰ বৰজুলিত ৰঙাপৰা-মিছামাৰী সংযোগী পথ অৱৰোধ কৰে ৰাইজে লগতে বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইপিনে ৰঙাপৰা আৰক্ষী বিষয়া বুধিন পেগুক শীঘ্ৰেই বদলিকৰণৰ দাবী জনাই স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ অনলাইন শিক্ষাৰ বাবে আৰু কোনেও আত্মহত্যা কৰিব নালাগে : প্ৰমিলাৰাণী ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.