ETV Bharat / state

ৰঙাপৰাত অনাময় আঁচনিৰ বিধ্বস্ত ৰূপ

author img

By

Published : Nov 19, 2020, 11:03 PM IST

ফুটুকাৰ ফেনত নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযান ৷ ৰঙাপৰাত অনাময় আঁচনিৰ অধীনত নিৰ্মাণ হোৱা শৌচাগাৰৰ বিধ্বস্ত ৰূপে উদঙাইছে উন্নয়নৰ নগ্ন স্বৰূপ ৷ অঞ্চলটোত জনস্বাস্থ্য কৰিকৰী বিভাগৰ অধীনত নিৰ্মাণ হোৱা শৌচালয় সমূহৰ ওপৰৰ নাই টিনপাত,মাটিত পৰি আছে দৰ্জা।

rangapara-news
ৰঙাপৰাত অনাময় আঁচনিৰ বিধ্বস্ত ৰূপ

ৰঙাপৰা,19নৱেম্বৰ: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰম গাফিলতিৰ বাবে শোণিতপুৰ জিলাৰ ৰঙাপৰাত অনাময় আঁচনিখন আজিও ভেকোভাওনাত পৰিণত হোৱা অভিযোগ উঠিছে । অনাময় আঁচনিখনৰ অধীনত নিৰ্মাণ হোৱা একাংশ শৌচাগাৰ এতিয়া ৰাইজে ব্যৱহাৰ কৰিব নোৱাৰে । কাৰণ শৌচাগাৰ সমূহ ঠিকাদাৰ সকলে নিম্নমানেৰে নিৰ্মাণ কৰাৰ বাবেই একাংশ শৌচাগাৰ এতিয়া জহি-খহি যাবলৈ ধৰিছে ।

ৰঙাপৰাত অনাময় আঁচনিৰ বিধ্বস্ত ৰূপ

ৰঙাপৰাত অনাময় আঁচনিৰ অধীনত নিৰ্মাণ হোৱা শৌচাগাৰৰ পৰৱৰ্তী সময়ত এনে অৱস্থালৈ ৰূপান্তৰিত হোৱাত স্বচ্ছ ভাৰত অভিযানৰ নগ্ন স্বৰূপে উদঙাই দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ তথা প্ৰদূষণ মুক্ত পৰিস্কাৰ ভাৰত গঢ়াৰ প্ৰকৃত ছবিখন আজি এই ৰূপলৈ পৰ্যবসিত হৈছে । জনস্বাস্থ্য কৰিকৰী বিভাগৰ অধীনত নিৰ্মাণ হোৱা শৌচালয় সমূহৰ ওপৰৰ নাই টিনপাত,মাটিত পৰি আছে দৰ্জা। মুঠৰ ওপৰত গাঁও সমূহত বিধ্বস্ত অৱস্থাত পৰি আছে একাংশ শৌচাগাৰ । যি সময়ত কেন্দ্ৰীয় চৰকাৰে মুকলি ঠাইত মলত্যাগ নকৰিবলৈ বিভিন্ন ধৰণৰ সজাগতাৰ সৃষ্টি কৰি আহিছে তেনে সময়ত বিধ্বস্ত ৰূপত পৰি থকাৰ বাবে ৰাইজে শৌচাগাৰ সমূহ ব্যৱহাৰ কৰিব পৰা নাই ।

অন্য এক খবৰৰ বাবে: অখিল গগৈৰ জামিন আবেদনৰ শুনানি সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.