ETV Bharat / state

শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ তাণ্ডৱ

author img

By

Published : Aug 31, 2020, 9:31 PM IST

শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈয়ে কালৰূপ ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে জৰাসৰ নৈ।

শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ তাণ্ডৱ
শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ তাণ্ডৱ

ৰঙাপাৰা,৩১আগষ্টঃ অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণে বিপদ মাতিছে শোণিতপুৰৰ বালিপৰাবাসীলৈ। বৰষুণৰ ফলত বৃদ্ধি পাইছে জৰাসৰ নৈৰ জলপৃষ্ঠ। ফেনে-ফোটোকাৰে বাঢ়ি অহা নৈখনৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ৰঙাপাৰাৰ বালিপৰাকে ধৰি বিস্তীৰ্ণ অঞ্চল। বালিপৰা-লখিমপুৰ সংযোগী ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈছে পানী। বিধ্বংসী বানে বুৰাই পেলাইছে বালিপৰাৰ কমাৰীগাঁৱৰ নামঘৰ, বিদ্যালয়ৰ লগতে কৃষিভূমিও।

শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈৰ তাণ্ডৱ

আনহাতে ঢেকেৰী গাঁৱতো বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাসগৃহৰ বাহিৰে-ভিতৰে কেৱল পানী। পানীৰ মাজতে দুৰ্বিসহভাৱে দিন অতিবাহিত কৰিবলগীয়া হৈছে গাঁওৱাসীয়ে। বালিপৰাৰ বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ো বাঢ়নী পানীয়ে প্লাৱিত কৰিছে।

লগতে পঢ়ক- পৰিত্যক্ত গুৱাহাটীৰ অভিলাষী বৈদ্যুতিক শ্মশান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.