ETV Bharat / state

ৰঙাপৰাত 10 দিনৰ পাছত গাঁত খান্দি উলিয়ালে মৃতদেহ

ৰঙাপৰাৰ দফলাবিল গাঁৱৰ দুধনাথ সৎনামী আৰু মানশিৰি কছাৰী গাঁৱৰ বিনোদ বড়োৰ মাজত কোনো কথাক কেন্দ্ৰ কৰি প্ৰথমতে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পাচত সৎনামীয়ে বিনোদ বড়োক কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰাত বড়োৱে থিতাতে মৃত্যুক সাৱটি লয়। এই সমগ্ৰ ঘটনাটো গাপ দিবলৈ পুৱতি নিশা সৎনামীয়ে মৃতদেহটো কান্ধত লৈ গাঁওখনৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈৰ পাৰত গাঁত খান্দি পুতি থয়।

author img

By

Published : Oct 9, 2019, 10:21 PM IST

হত্যাকাৰী দুধনাথ সৎনামী

ৰঙাপৰা, 9 অক্টোবৰঃ শোণিতপুৰৰ ৰঙাপৰাত 10 দিনৰ পাছত বুধবাৰে আৰক্ষীয়ে গাঁত খান্দি উলিয়ালে এটা অৰ্ধগলিত মৃতদেহ ৷ উল্লেখ্য যে যোৱা ৩০ ছেপ্টেম্বৰৰ নিশা ১০ মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দফলাবিল গাঁৱৰ দুধনাথ সৎনামী আৰু মানশিৰি কছাৰী গাঁৱৰ বিনোদ বড়োৰ মাজত কোনো কথাক কেন্দ্ৰ কৰি প্ৰথমতে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পাছত খঙত অগ্নিশৰ্মা দুধনাথ সৎনামীয়ে বিনোদ বড়োক কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰাত বড়োৱে থিতাতে মৃত্যুক সাৱটি লয়। এই সমগ্ৰ ঘটনাটো গাপ দিবলৈ পুৱতি নিশা সৎনামীয়ে মৃতদেহটো কান্ধত লৈ গাঁওখনৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈৰ পাৰত গাঁত খান্দি পুতি থয়। আনহাতে বিনোদ বড়ো হঠাৎ সন্ধানহীন হোৱাত বড়োৰ পৰিয়ালবৰ্গই ৰঙাপৰা আৰক্ষী থানাত অৱগত কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ সময়তে এক গোপন সুত্ৰৰ পম খেদি দুধনাথ সৎনামীক আটক কৰি থানালৈ অনাত পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে৷ বুধবাৰে হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙাপৰা আৰক্ষীয়ে চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ক্ষীৰোধ কমল হাজৰিকাৰ উপস্থিতিত অৰ্ধগলিত মৃতদেহটি খান্দি উলিয়াই । উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Intro:ৰঙাপৰাত নৃশংস হত্যাকাণ্ডঃ দহদিনৰ পাছত গাঁত খান্দি উলিয়ালে মৃতদেহBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত দহদিনৰ পাছত আজি আৰক্ষীয়ে গাঁত খান্দি উলিয়ালে এটা অৰ্ধগলিত মৃতদেহ ৷ উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নৃশংস হত্যাকাণ্ডটি সংঘটিত হৈছিল যোৱা ৩০ ছেপ্টেম্বৰত। ঘটনাৰ বিৱৰণী অনুসৰি উক্ত দিনা নিশা ১০ মান বজাত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত দফলাবিল গাঁৱৰ দুধনাথ সৎনামী আৰু মানশিৰি কছাৰী গাঁৱৰ বিনোদ বড়োৰ মাজত কোনো কথাক কেন্দ্ৰ কৰি প্ৰথমতে তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। পাছত খঙত অগ্নিশৰ্মা দুধনাথ সৎনামীয়ে বিনোদ বড়োক কাঠৰ টুকুৰাৰে মুৰত প্ৰহাৰ কৰাত বড়োৰ থিতাতে মৃত্যুক সাৱটি লয়। ইফালে সমগ্র ঘটনাটি ঘাপ দিবলৈ পুৱতি নিশা সৎনামীয়ে মৃতদেহটি কান্ধত লৈ গাঁওখনৰ কাষেৰে বৈ যোৱা জৰাসৰ নৈৰ পাৰত গাঁত খান্দি পুতি থয়। বিনোদ বড়ো হঠাৎ সন্ধানহীন হোৱাত বড়োৰ পৰিয়ালবৰ্গই ৰঙাপৰা আৰক্ষী থানাত অৱগত কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান চলায় থকাৰ সময়তে এক গোপন সুত্ৰৰ পম খেদি দুধনাথ সৎনামীক আটক কৰি থানালৈ অনাত পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰঙাপৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ক্ষীৰোধ কমল হাজৰিকাই অৰ্ধগলিত মৃতদেহটি খান্দি উলিয়াই। ৰঙাপৰা আৰক্ষীয়ে হত্যাকাৰী দুধনাথ সৎনামীক গ্ৰেপ্তাৰ কৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.