ৰঙাপৰা, 30 ছেপ্টেম্বৰঃ ৰঙাপৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ তেজপুৰ লৈ যাত্ৰা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী কাৰ্তিক কুৰ্মীৰ ৷ যাত্ৰাৰ পূৰ্বে ৰঙাপৰাৰ ১ নং বাৰ্ডত থকা ঐতিহাসিক শিৱ মন্দিৰত পূজা পাঠ কৰি আশীৰ্বাদ লয় কুৰ্মীয়ে । সাংবাদিকৰ আগত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কয়, এই উপ নিৰ্বাচনত তেওঁৰ মূল প্ৰতিদ্বন্দিতা হ’ব বিজেপি দলৰ প্ৰাৰ্থীগৰাকী ।
উল্লেখ্য যে, ৰঙাপাৰা সমষ্টিত ভিন্ন দল-সংগঠনৰ লগতে সমষ্টিবাসীয়ে দীৰ্ঘদিনে স্থানীয় প্ৰাৰ্থীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছিল । সেয়েহে, কংগ্ৰেছ দলে স্থানীয় প্ৰাৰ্থী হিচাবে কাৰ্তিক কুৰ্মীক প্ৰাৰ্থীত্ব দিয়াত তেওঁৰ বিজয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰিছে কংগ্ৰেছ সমৰ্থকে ।
অহা ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত হ’বলগীয়া উপ নিৰ্বাচনৰ মনোয়ন পত্ৰ দাখিল কৰাৰ আজি হৈছে অন্তিমটো দিন । ৰঙাপৰা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজতেই নিৰ্বাচনী যুজঁখন হ’ব সেয়া নিশ্চিত ।