ETV Bharat / state

ৰঙাপৰাত উপ-নিৰ্বাচনৰ ভোটগণনা: অগ্ৰগতি বিজেপিৰ

ৰাজ্যৰ চাৰিটা সমষ্টিত আজি আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোটগণনা ৷ ৰাতাবাৰী,জনীয়া,সোণাৰী সমষ্টিৰ লগতে ৰঙাপৰা সমষ্টিতো আৰম্ভ ভোটগণনা প্ৰক্ৰিয়া ৷

author img

By

Published : Oct 24, 2019, 9:14 AM IST

Updated : Oct 24, 2019, 2:46 PM IST

ৰঙাপৰাত কিছু সময়ৰ পাচতেই আৰম্ভ হ’ব উপ-নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া

তেজপুৰ,২৪ অক্টোবৰ : ৰাজ্যৰ চাৰিটা সমষ্টিত আজি আৰম্ভ হৈছে উপ-নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ ৰাতাবাৰী,জনীয়া,সোণাৰী সমষ্টিৰ লগতে ৰঙাপৰা সমষ্টিতো আৰম্ভ উপ -নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ পঞ্চম ৰাউণ্ডৰ পাচত বিজেপিৰ অগ্ৰগতি ৷ 18, 873 ভোটত অগ্ৰগতি লাভ কৰি আছে বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে ৷ মুঠ 20 টা ৰাউণ্ডত সম্পন্ন হ’ব ভোট গণনা ৷

ৰঙাপৰাত উপ-নিৰ্বাচনৰ ভোটগণনা

74 নং ৰঙাপৰা সমষ্টিত মুঠ ভোটাৰ সংখ্যা আছিল 1 লাখ 54 হাজাৰ 595 জন ৷ ইয়াৰে প্ৰায় 1 লাখ 18 হাজাৰ 32 জন ভোটাৰে কৰে ভোটদান ৷ ৰঙাপৰা সমষ্টিত ভোটদানৰ হাৰ আছিল 76.32 শতাংশ ৷ তেজপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ত আৰম্ভ হৈছে ভোট গণনা ৷ মুঠ 20 টা ৰাউণ্ডত সম্পন্ন হ’ব ভোট গণনা যাৰ বাবে 10 খন টেবুল তৈয়াৰ কৰা হৈছে তেজপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ত ৷

জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ ৰঙাপৰাত মূল প্ৰতিদ্বন্দী হিচাপে ধৰা হৈছে কংগ্ৰেছ আৰু বিজেপিক ৷ ৰঙাপৰা সমষ্টিত বিজেপিৰ দলৰ প্ৰাৰ্থী হৈছে ৰাজেন বৰঠাকুৰ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে কাৰ্তিক কুৰ্মী ৷

Last Updated : Oct 24, 2019, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.