ETV Bharat / state

Rangali Bihu of Assam : আজি পহিলা ব'হাগ: পৰম্পৰা ৰক্ষা কৰি তেজপুৰত মানুহ বিহু পালন

author img

By

Published : Apr 15, 2023, 1:58 PM IST

Updated : Apr 15, 2023, 8:41 PM IST

চৌদিশে ৰঙালীৰ ৰং । উখল-মাখল ৰাজ্যৰ উজনি-নামনি । পহিলা ব'হাগত অসমীয়াই উদযাপন কৰিছে মানুহ বিহু(Significance of Assamese Rangali Bihu) । পৰম্পৰা অনুসৰি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত জেষ্ঠজনক বিহুৱান দি সেৱা লৈ মানুহ বিহু পালন কৰিছে তেজপুৰতো (Rangali Bihu celebrates in Tezpur) ।

Rangali Bihu celebrates in Tezpur
আজি পহিলা ব'হাগ: পৰম্পৰা ৰক্ষা কৰি তেজপুৰত মানুহ বিহু পালন

তেজপুৰ,১৫ এপ্ৰিল: ৰঙালীৰ ৰঙত মতলীয়া সমগ্ৰ ৰাজ্য । ঢোল-পেঁপাৰ মাতত কঁপিছে সমগ্ৰ ৰাজ্য (Rangali Bihu 2023) । পৰম্পৰা ৰীতি-নীতি পালন কৰি শুকুৰবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে গৰু বিহু । মাহ-হালধিৰে নোৱাই ধুৱাই, সন্ধিয়া তৰালী পঘাৰে গোহালিত বান্ধি গো-ধনৰ শ্ৰী-বৃদ্ধি কামনা কৰিলে কৃষিজীৱি অসমীয়াই । আৰু আজি পহিলা ব'হাগ । পহিলা ব'হাগত অসমবাসীয়ে পালন কৰিছে মানুহ বিহু (Rangali Bihu of Assam) ।

মানুহ বিহুৰ দিনা জেষ্ঠজনক বিহুৱান যাঁচি কনিষ্ঠজনে সেৱা লোৱাতো অসমীয়া সমাজ জীৱন এক অন্যতম পৰম্পৰা । এই পৰম্পৰা‌ অতীজৰে পৰা চলি আহিছে । কিন্তু বৰ্তমানৰ আধুনিক যুগত ‌নৱপ্ৰজন্মই‌ বাপতি সাহোন বিহুৰ এই পৰম্পৰা যেন পাহৰিবলৈ ধৰিছে (Significance of Assamese Rangali Bihu) । তাৰ মাজতে তেজপুৰৰ বেছেৰীয়া কনাই বৰা চুবুৰীৰ ৰাইজৰ সহযোগত প্ৰায় ১১০ জনৰো অধিক জেষ্ঠ লোকক এখনি বিহুৱানেৰে সন্মান জনাই আঠু লৈ সেৱা জনালে যুৱকসকলে (Bihu celebration across Assam) ।

তাৰোপৰি সমান্তৰালভাৱে উক্ত স্থানতে কন কন শিশুসকলেও জেষ্ঠজনক এখনি বিহুৱান দি আঠু কাঢ়ি সেৱা জনোৱা পৰিলক্ষিত হৈছে (Rangali Bihu celebrates in Tezpur) । যুগে যুগে প্ৰচলিত হৈ থকা এই প্ৰথা অসমীয়া সমাজত চিৰদিন প্ৰবহমান হৈ থাকিব । পহিলা ব'হাগত এই পৰম্পৰাৰে মানুহ বিহু পালন কৰিছে তেজপুৰৰ বেছেৰীয়া কনাই বৰা চুবুৰীৰ ৰাইজে । ইয়াৰ পাচতেই পৰম্পৰাগত খেল-ধেমালি কৰি সন্ধিয়ালৈ গাঁৱৰ ঘৰে ঘৰে হুচৰি জুৰিব লোকসকলে (Assamese New Year) ।

উল্লেখ্য যে ৰঙালী বিহুৰ সাত বিহু পালন কৰিছে অসমীয়া ৰাইজে । চ'তৰ শেষৰ দিনা গৰু বিহু উদযাপন কৰাৰ পাচতেই ব'হাগৰ প্ৰথম দিনা অর্থাৎ ১ তাৰিখে মানুহৰ বিহু পালন কৰিছে, কালিলৈ দিনা গোঁসাই বিহু উপলক্ষে এই দিনটোত ভগৱানৰ ওচৰত ধূপ,দ্বীপ, নৈবদ্যৰে প্ৰাৰ্থনা কৰা হ'ব ৷ ৩ ব'হাগৰ দিনা তাঁতৰ বিহু, ৪ ব'হাগত নাঙলৰ বিহু, ৫ ব'হাগৰ দিনা জীয়ৰী বা চেনেহী বিহু আৰু ৬ ব'হাগত চেৰা বিহু পালন কৰা হ'ব । অৱশ্যে অসমৰ ভিন্ন প্ৰান্তত ঠাই বিশেষে বিহু উদযাপনৰ তাৰিখো ভিন্ন হয় । এয়াই অসমৰ বাপতি সাহোন ৰঙালী বিহু, যাক লৈ প্ৰতিজন অসমীয়াই গৌৰৱ অনুভৱ কৰে ।

লগতে পঢ়ক: Bihu Celebration in Jonai: জোনাইৰ চিমেন চাপৰিত আছুৰ উদ্যোগত ৰঙালী বিহু উদযাপন

Last Updated : Apr 15, 2023, 8:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.