ETV Bharat / state

শোণিতপুৰত গড়কাপ্তানি পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

author img

By

Published : Aug 21, 2020, 1:35 PM IST

শোণিতপুৰত গড়কাপ্তানি পথ নিৰ্মাণত অনিয়ম ৷ নিম্নমানৰ সামগ্ৰী ব্যবহাৰ কৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ ৷ ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগৰ আঙুলি ৰাইজৰ ৷ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ তদন্তৰ দাবী ৷

Raiser alleges corruption against construction contractor in Sonitpur
শোণিতপুৰত গড়কাপ্তানি পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ

শোণিতপুৰ, 21 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শোণিতপুৰ জিলাৰ ৰঙাপৰা বৰজুলি-খেলমাটি সংযোগী পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উখাপন হৈছে ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ উখাপন হৈছে ৷

অভিযোগ অনুসৰি, ৰঙাপৰাৰ বৰজুলি-খেলমাটি সংযোগী গড়কাপ্তানি পথটিৰ মাজত পুখুৰী সৃদৃশ গাঁতৰ সৃষ্টি হৈ মৰন ফান্দলৈ পৰিণত হোৱাৰ পিচত শেহতীয়াকৈ পথটিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছিল ৷ কিন্তু পথটি ঠিকা লাভ কৰা ঠিকাদাৰজনে নিজৰ মইমতালিৰে অতি নিম্নমানৰ সামগ্ৰীৰে পথটিৰ পকী কালভাৰ্ট সমূহ নিৰ্মাণ কৰাৰ অভিযোগ প্ৰদান কৰিছে স্থানীয় ৰাইজে ।

তথ্য অনুসৰি, বৰজুলি তিনিআলিৰ পৰা খেলমাটি সংযোগী 8.46 দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ ঠিকা লাভ কৰিছিল বিভাগীয় ঠিকাদাৰ মৌচুম বৰাই । ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ উন্নয়ন আঁচনিৰ অধীনত উক্ত পথটি নিৰ্মানৰ বাবে 2 কোটি 98 লাখ 90 হাজাৰ 800 টকা আৱন্টন দিয়াৰ পিচতো পথটি নিৰ্মাণ হোৱা কেইবাটাও পকী কালভাৰ্টত ব্যাপক অনিয়ম সংঘটিত হৈছে ৷ কালভাৰ্ট সমূহত পৰ্যাপ্ত ৰ’ড নিদিয়াৰ উপৰিও ভঙা শিলৰ পৰিৱৰ্তে গোটা শিল ব্যৱহাৰ কৰাৰ অভিযোগ উখাপন হৈছে ৷

আনহাতে, ঠিকাদাৰজনে বৰজুলি-খেলমাটি সংযোগী গড়কাপ্তানি পথটিত থকা পুৰণি কালভাৰ্টৰ সৈতে নতুনকৈ সংযোগ ঘটাই কালভাৰ্ট নিৰ্মাণ কৰা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । তেজপুৰ, চতিয়া আৰু ৰঙাপৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গৰাকীয়ে এই ক্ষেত্ৰত চকুঁ মুদা কুলিৰ ভাওঁ ধৰাৰ অভিযোগ তুলিছে ৰাইজে ।

উল্লেখ্য যে, উক্ত দুৰ্নীতি সন্দৰ্ভত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে অভিযোগ কৰাৰ লগতে পথটি নিৰ্মাণ কাৰ্য উন্নত সা-সামগ্ৰীৰে কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক : ভূ-মাফিয়াৰ কবলত ধুবুৰীৰ একাংশ চৰকাৰী ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.