ETV Bharat / state

প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ: প্ৰশান্ত বৈশ্য - কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতি প্ৰশান্ত বৈশ্য

দলং নিৰ্মাণৰ দাবীত বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷ এই অভিযোগ উত্থাপন কৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে ৷

প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ: প্ৰশান্ত বৈশ্য

author img

By

Published : Jun 20, 2021, 6:40 PM IST

ৰঙাপৰা, 20 জুন : দেওবাৰে ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হ’ল শোণিতপুৰ জিলা ৷ শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজানত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ শিঙৰীৰ পৰা ভঙা মন্দিৰলৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথ চোৱাত বালিজানত থকা ভগা দলং নিৰ্মাণৰ দাবীত সংগঠনটোৰ সীমিত সংখ্যক সদস্যই চৰকাৰৰ নীতি নিৰ্দেশনা মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তাসকলে চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ লগতে শিঙৰীৰ পৰা ভঙা মন্দিৰলৈ যোৱা সংযোগী পথৰ বালিজানত থকা ভগা দলংখন অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷ অভিযোগ অনুসৰি, বালিজানত থকা পকী দলংখনৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰিছে জয়ছোৱাল উপাধিৰ এগৰাকী ঠিকাদাৰে ৷ দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ গৰাকীক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ: প্ৰশান্ত বৈশ্য

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ প্ৰতিটো জৰাজীৰ্ণ পথ তথা দলং নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে বিধায়ক গণেশ কুমাৰ লিম্বু, সাংসদ পল্লৱলোচন দাস আৰু অসম চৰকাৰৰ বিৰুদ্ধে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি বিভিন্ন শ্ল’গানে উত্তাল কৰে ৰাজপথ ৷

প্ৰতিবাদস্থলীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাপতি প্ৰশান্ত বৈশ্যই কেন্দ্ৰীয় তথা ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, ‘‘বৰ্তমানৰ মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত সামান্যতমো মিল নোহোৱা হৈছে ৷ ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই একাংশ দুৰ্নীতি পৰায়ণ ঠিকাদাৰৰ দ্বাৰা কাম কৰাইছে ৰাজ্য চৰকাৰে’’ ৷

প্ৰশান্ত বৈশ্যই লগতে কয় যে, যি সময়ত চৰকাৰখনে গ্ৰামাঞ্চলৰ প্ৰতিখন বাটপথৰ লগতে জৰাজীৰ্ণ দলংসমূহ নিৰ্মাণ কৰা হৈছে বুলি ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই ফুৰিছে, তেনে সময়তে শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাৰ মধ্যভাগত বালিজানত থকা পকী ভগা দলংখন আজিলৈকে নিৰ্মাণৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ বাট-পথৰ লগতে দলং নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰকৃত জিয়া ছবিখন পোহৰলৈ আহিছে ৷

উল্লেখ্য যে, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ পৰা ভঙামন্দিৰলৈ যোৱা পথটোৰে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ হেজাৰ হেজাৰ লোকে অহা-যোৱা কৰে ৷ জানিব পৰা মতে, দুবছৰ মানৰ পূৰ্বে কেইবা লক্ষাধিক টকা ব্যয় সাপেক্ষে বালিজানত নিৰ্মাণ কৰা বৈছিল পকী দলংখন ৷ কিন্তু বিগত কিছুদিনৰ পূৰ্বে নৱনিৰ্মিত দলংখনৰ মধ্যভাগত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷ যাৰ ফলত পথচাৰীয়ে যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰিছে ৷

আনকি এই ভঙা দলংখনৰ দুৰাৱস্থাৰ ফলতে সংঘটিত হৈছে বহু দুৰ্ঘটনা ৷ কিন্তু ইমানৰ পিচতো আজিলৈকে বালিজানস্থিত ভাঙি থকা দলংখন মেৰামতিৰ ব্যৱস্থা কৰা হোৱা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে ৷ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই অভিযোগ কৰা অনুসৰি, জয়ছোৱাল উপাধিৰ ঠিকাদাৰ গৰাকীয়ে নিম্নমানৰ সামগ্ৰী আৰু অতি পাতল ৰড ব্যৱহাৰ কৰি দলংখন নিৰ্মাণ কৰাৰ বাবেই দুবছৰৰ ভিতৰতে দলংখন জহি-খহি গৈছে ৷ জয়ছোৱাল উপাধিৰ ঠিকাদাৰ গৰাকী সমষ্টিটোৰ বিধায়ক গৰাকীৰ আপোন হোৱাৰ হেতুকে দুৰ্নীতিৰ পন্থা অৱলম্বন কৰাৰ পাচতো এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

ইফালে স্থানীয় ৰাইজে সমষ্টিটোৰ জৰাজীৰ্ণ দলংসমূহ নিৰ্মাণৰ বাবে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস আৰু স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুক বাৰম্বাৰ অনুৰোধ জনাইছিল ৷ কিন্তু ৰাইজৰ কোনো সমস্যাকে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক শ্ৰমিক সংগঠনৰ লগতে অঞ্চলবাসী ৰাইজে ৷ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক পথ তথা দলং নিৰ্মাণৰ দাবী জনোৱাৰ স্বত্বেও আজিলৈকে ভগা দলংসমূহ নিৰ্মাণৰ ব্যৱস্থা নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে কৃষক শ্ৰমিক সংগঠনৰ নেতা গৰাকীয়ে ৷

আনহাতে, ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগৰ সন্মুখীন হৈ থকা অৱস্থাত চৰকাৰখনে সংবাদ মাধ্যমত বাট-পথ উন্নয়নৰ শ্ল’গান দি থকা বিষয়টো অতিকৈ আমোদজনক আৰু চৰকাৰৰ এনে প্ৰচাৰে ৰাইজৰ মাজত এতিয়া হাঁহিৰ খোৰাক যোগাইছে বুলি মন্তব্য কৰিছে প্ৰশান্ত বৈশ্যই ৷ চৰকাৰৰ সংবাদ মাধ্যমত কৰা বাট-পথৰ উন্নয়নে প্ৰকৃত দুৰ্ভগীয়া জনতাক স্পৰ্শ কৰিব পৰা নাই বুলি কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই আক্ষেপ প্ৰকাশ কৰে ৷

সেয়েহে চৰকাৰখনে সংবাদ মাধ্যমত উন্নয়নৰ শ্ল’গান দিয়া বন্ধ কৰি প্ৰকৃততে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে ৷ আনহাতে শিঙৰীৰ পৰা ভঙামন্দিৰ সংযোগী পথৰ বালিজানত থকা ভগা দলংখন মেৰামতি কৰাৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ জৰাজীৰ্ণ দলংসমূহ অতি শীঘ্ৰে নিৰ্মাণৰ দাবী জনাইছে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৷

চৰকাৰলৈ আহ্বান পৰৱৰ্তী ৭ দিনৰ ভিতৰত উক্ত ভগা দলং নিৰ্মাণ কৰক ৷ নহ’লে ৭ দিনৰ ভিতৰত উক্ত ভগা দলং নিৰ্মাণৰ ব্যৱস্থা নকৰিলে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু সংগঠনটোৰ ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷ এই বুলি সংবাদ মাধ্যমৰ আগত হুংকাৰ প্ৰদান কৰে কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই ৷

লগতে পঢ়ক: বিলাসীপাৰাত ডকাইতৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.