তেজপুৰ, 2 মাৰ্চ : দিল্লীৰ ৰিমৰ্ট কনট্ৰলত চলে অসম ৷ পাঁচটা গেৰাণ্টিৰে অসমত চৰকাৰ গঠন কৰিব মহাজোঁটে ৷ নিৰ্বাচনী মন্ত্ৰণা লৈ 1 মাৰ্চত অসমত উপস্থিত হোৱাৰ পাচতে মঙলবাৰে তেজপুৰত এইদৰে শাসনাধীস্থ বিজেপিক প্ৰত্যাহ্বান জনালে প্ৰিয়ংকা গান্ধীয়ে ৷
সংবাদিকক সম্বোধন কৰি প্ৰিয়ংকাই কয়, এইবাৰ নিৰ্বাচনত অসমৰ অস্থিত্ব ৰক্ষাৰ প্ৰসংগ জড়িত হৈ আছে ৷ অসমৰ চাহ শ্ৰমিক সকল প্ৰাপ্য খিনিৰ পৰা আজিও বঞ্চিত বুলি বৰ্তমানৰ বিজেপিক চৰকাৰক কটাক্ষ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷
ইফালে, এইবাৰ নিৰ্বাচনত অসমৰ জনতাক পাঁচটা গেৰাণ্টি দি চৰকাৰ গঠনৰ দাবী কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ৷ হয় আগন্তুক সময়ত কা বাতিল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, 5 লাখ চৰকাৰী চাকৰিৰ মাহিলী বিনামূলীয়া বিজুলী, গৃহিনী লৈ এককালীন সাহয্য আদিৰ গেৰান্টি দিলে সম্পাদিকা গৰাকীয়ে ৷
লগতে পঢ়ক: চামেলীহঁতৰ সৈতে ফল-মূল আৰু ৰঙা চাহৰ সোৱাদ ল'লে প্ৰিয়ংকাই