ETV Bharat / state

তেজপুৰত বৃন্দাবন গোস্বামীক বঞ্চিত কৰি পৃথ্বীৰাজ ৰাভাক অগপ দলৰ প্ৰাৰ্থীত্ব প্ৰদান

author img

By

Published : Mar 7, 2021, 10:56 PM IST

পৃথ্বীৰাজ ৰাভা হৈছে অসমৰ কলা সংস্কৃতিৰ জগতৰ মহিৰূষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ ৷ তেজপুৰ সমষ্টিৰ ৰাইজে এইবাৰ নিৰ্বাচনত এখন নতুন মুখ বিচাৰিছিল ৷ যাৰ বাবে অগপ দলে পৃথ্বীৰাজ ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

prithviraj-rabha-contest-from-tezpur
তেজপুৰত বৃন্দাবন গোস্বামীক বঞ্চিত কৰি পৃথ্বীৰাজ ৰাভাক অগপ দলৰ প্ৰাৰ্থীত্ব প্ৰদান

তেজপুৰ, 7 মাৰ্চ : 73 নং তেজপুৰ বিধানসভা সমষ্টি বিজেপিয়ে মিত্ৰতাৰ খাটিৰত অগপ দলক এৰি দিয়ে ৷ আনহাতে অগপই তাৎপৰ্যপূৰ্ণ ভাবে প্ৰায় 35 বছৰ ধৰি সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰা দলীয় কৰ্মী বৃন্দাবন গোস্বামীক বঞ্চিত কৰি নতুন প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক সমষ্টিটোৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰে ৷ ইয়াৰ পাছতেই তেজপুৰ সমষ্টিত অগপৰ ঘাটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অগপৰ সমৰ্থকে সমষ্টিটোৰ অগপ কাৰ্যালয়ত তলা মাৰি নথি পত্ৰ বেনাৰ জ্বলাই দিয়ে ৷ আনহাতে বৃন্দাবন গোস্বামীয়ে দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পাচতেই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

আনহাতে পৃথ্বীৰাজ ৰাভা হৈছে অসমৰ কলা সংস্কৃতিৰ জগতৰ মহিৰূষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ ৷ তেজপুৰ সমষ্টিৰ ৰাইজে এইবাৰ নিৰ্বাচনত এখন নতুন মুখ বিচাৰিছিল ৷ যাৰ পৰিণতিত অগপ দলে পৃথ্বীৰাজ ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান কৰে । পৃথ্বীৰাজ ৰাভা এগৰাকী নাট্যকাৰ, পৰিচালক, সুৰকাৰ তথা নিয়োগ বিনিয়োগ কেন্দ্ৰৰ প্রাক্তন উপ সঞ্চালক ৷ তেজপুৰ সমষ্টিত অগপৰ দলে গ্ৰহণ কৰা এই সিদ্ধান্তক জনতাই কেনেদৰে গ্ৰহণ কৰে, সেয়া সমাগত বিধানসভাৰ নিৰ্বাচনৰ ফলাফলতহে পৰিস্ফূত হ’ব ৷ অগপ দলৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক ভোটাৰে আদৰি ল’ব নে বিগত 35 বছৰে সমষ্টিটোৰ পৰা প্ৰতিনিধিত্ব কৰা বৃন্দাবন গোস্বামীক আদৰি ল’ব, সেয়া সময়েহে ক’ব !

লগতে পঢ়ক : ধিঙত মাৰাথন দৌৰেৰে আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.