ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাবর্তন অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ - Tezpur University Convocation event

তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৯তম সমাবর্তন অনুষ্ঠানত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ অনুষ্ঠানত উপস্থিত হৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিলে ছাত্ৰ-ছাত্ৰীৰ মাজত ডিগ্ৰী, ডিপ্লোমাৰ প্ৰমাণ পত্ৰ (President Ram Nath Kovind at Tezpur University) ।

president-ram-nath-kovind-distribute-degree-and-diploma-certificate-in-tezpur-university
তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীক ডিগ্ৰী ডিপ্লোমাৰ প্ৰমাণ পত্ৰ প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ
author img

By

Published : Feb 26, 2022, 1:00 PM IST

Updated : Feb 26, 2022, 1:34 PM IST

তেজপুৰ, ২৬ ফেব্ৰুৱাৰী : তেজপুৰ বিশ্ববিদ্যালয়ৰ ১৯তম সমাবর্তন অনুষ্ঠানত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ramnath Kovind at 19th Convocation of Tezpur University) । তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে শনিবাৰে বিশ্ববিদ্যালয়খনৰ ৭১৭ গৰাকী পোষ্ট গ্ৰেজুৱেত (Postgraduate PG) ,৩৯৯ গৰাকী আন্দাৰ গ্ৰেজুৱেত(Undergraduate UG) ,৬৮ গৰাকী পোষ্ট গ্ৰেজুৱেত ডিপ্লোমা (PG Diploma) আৰু ৬০ গৰাকী ডক্টৰেট ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় যাৰ ভিতৰত 16 গৰাকী হৈছে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী ৷

পুৱা ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰযোগে গুৱাহাটীৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী । ইয়াৰ পূৰ্বে অসমৰ ৰাজ্যপাল তথা প্ৰফেছৰ জগদীশ মুখী , অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বিশ্ববিদ্যালয়ত উপস্থিত হয় । ইয়াৰ লগতে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ ভি.কে জৈন (Prof. V K.Jain) । উল্লেখ্য যে, ১৯৯৪ চনত স্থাপিত হৈছিল তেজপুৰ বিশ্ববিদ্যালয় ৷ তেতিয়াৰ পৰাই বিশ্ববিদ্যালয়খনত ১৯৯৮ চনত সেই সময়ৰে ৰাষ্ট্ৰপতি কে আৰ নাৰায়ানন পোনপ্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীৰ মাজত ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰিছিল ।

ইয়াৰ পিছত ক্ৰমাণ্বয়ে উপস্থিত হৈছে ডঃ এ পি জে আব্দুল কালাম ,প্ৰণৱ মুখাৰ্জী আৰু শনিবাৰে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত ভাগ লোৱা দেশৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ উত্তৰ পাৰৰ এক মাত্ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ তেজপুৰ বিশ্ববিদ্যালয়ত বৰ্তমান মুঠ ২৬ টা বিভিন্ন বিভাগত শিক্ষা আহৰণৰ সুবিধা আছে । লগতে এছিয়া মহাদেশৰ মুঠ 19 খন দেশৰ এই বছৰ 15 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ।

লগতে পঢ়ক : অতিথিক কিদৰে আদৰিব লাগে সেয়া অসমীয়াৰ পৰা শিকা উচিত: ৰামনাথ কোবিন্দ

Last Updated : Feb 26, 2022, 1:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.