ETV Bharat / state

President Murmu Assam visit : অসম ভ্ৰমণৰ অন্তিম দিনটোত তেজপুৰৰ বায়ুসেনা ঘাটিত ভাৰতৰ ৰাষ্ট্ৰপতি

author img

By

Published : Apr 8, 2023, 9:36 AM IST

আজি ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ অসম ভ্ৰমণৰ অন্তিম দিন ৷ কাৰ্যসূচী অনুসৰি ইতিমধ্যে ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হৈছে তেজপুৰৰ বায়ুসেনা ঘাটিত ৷ বায়ুসেনাৰ ঘাটিত উপস্থিত হৈ অত্যাধুনিক যুঁজাৰু বিমান ছুখয়ত উঠি পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি মূৰ্মুৱে (President Droupadi Murmu Assam visit) ৷

Air force training Centre in Tezpur
তেজপুৰৰ বায়ুসেনা ঘাটি

তেজপুৰ, 8 এপ্ৰিল : তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ অসম ভ্ৰমণৰ আজি অন্তিমটো দিন ৷ 6 এপ্ৰিলত বিয়লি যোৰহাটৰ ৰ’ৰৈয়া বিমানবন্দৰত অৱতৰণ কৰাৰ পিচতেই ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনাইছিল ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি অৰ্থাৎ 8 এপ্ৰিলৰ দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ অত্যাধুনিক যুঁজাৰু বিমান ছুখয়ত উঠি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিছে প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ( Lt Colonel Mahendra Rawat) ৷ ইতিমধ্যে তেজপুৰৰ বায়ুসেনা ঘাটিত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীক বায়ুসেনা ঘাটিলৈ আদৰণি জনায় ভাৰতীয় বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডাৰ এছ পি ধাৰাৰাৰে (President Droupadi Murmu in Tezpur) ৷

ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (President Murmu to visit Sukhoi fighter jet) ৷ ইফালে শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত জীপ ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে কহৰাৰ গজ উৎসৱত অংশগ্ৰহণ কৰি হাতী ছাফাৰী কৰে (President Droupadi Murmu at Kaziranga) ৷

উল্লেখ্য যে, তেজপুৰ বায়ুসেনা বাহিনীৰ বিমান ঘাটি দেশৰ ভিতৰতে অন্যতম যুঁজাৰো বিমান ঘাটি হিচাপে পৰিচিত । এই বিমান ঘাটি ১৯৪২-৪৩ চনতে ব্ৰিটিছে নিৰ্মাণ কৰিছিল যদিও ১৯৫৯ চনৰ ২৯ ছেপ্টেম্বৰতহে বায়ুসেনাৰ পূৰ্ণাংগ ঘাটিলৈ পৰিণত হয় । ইয়াৰোপৰি দেশৰ ৬০ টা বায়ুসেনা ঘাটিৰ ভিতৰতে অন্যতম যুঁজাৰো বিমান প্ৰশিক্ষণ কেন্দ্ৰ হ'ল তেজপুৰ এয়াৰ ফৰ্চ প্ৰশিক্ষণ কেন্দ্ৰ (Air force training Centre in Tezpur) ৷

বৰ্তমান দেশৰ প্ৰথম শাৰীৰ যুদ্ধ জাহাজ চুখয়-৩০ এম কে আই'ৰ বৃহৎ ঘাটিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত তিব্বত, চীন, ম্যানমাৰ আৰু বাংলাদেশ আগুৰি আছে । উল্লেখ্য যে, ৰাষ্ট্ৰপতিগৰাকীৰ আগমণক লৈ তেজপুৰ বায়ুসেনা ঘাটিৰ লগতে কাষৰীয়া অঞ্চল তেজপুৰ চহৰতো কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিগত দুটা মাহ ধৰি সমগ্ৰ অঞ্চলটোত ১৪৪ ধাৰা বলৱৎ কৰি ৰখা হৈছে ৷ ইয়াৰোপৰি সমগ্ৰ অঞ্চলটোত নিষিদ্ধ কৰা হৈছে ড্ৰোনৰ চলাচল (Security System for India President) ৷

লগতে পঢ়ক : Rupjyoti Kurmi at Mariani : মায়ে কৈছে কুকুৰে ভুকিলে ভুকিব দিবি আৰু হাতীৰ দৰে গৈ থাকিবি: ৰূপজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.