তেজপুৰ, ২৪ আগষ্ট : ৰূপকোঁৱৰ জোতিপ্ৰসাদ আগৰৱালাৰ পৈতৃক গৃহ (ancestral home of Jotiprasad Agarwala Poki) পকী সংৰক্ষণৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (CM himanta Biswa Sarma declared to preserve Poki) ৷ ঐতিহ্যপূৰ্ণ ঘৰটো আৰু পকীত থকা শিল্পীগৰাকীৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা সকলোৰে স্মৃতি বিজড়িত সম্পদসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে (Poki preservation work started by Assam Government) । দেশৰ আগশাৰীৰ গৱেষক বিশেষজ্ঞ আহি ক্ষেত্ৰ অধ্যয়ন কৰি এই সাস্কৃতিক সম্পদ সংৰক্ষণৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে ৷
![জ্যোতিপ্ৰসাদৰ বাসগৃহ পকী সংৰক্ষণৰ প্ৰস্তুতি আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-24aug-pix-rupkonwar-pranabkumardas-7203907_24082022114909_2408f_1661321949_442.jpg)
নতুন দিল্লীৰ ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছৰ (Indira Gandhi National Centre for Arts) জেষ্ঠ্য পৰামৰ্শদাতা ড° সঞ্জয় ধৰ আহি নিজেই সকলো চোৱা-চিতা কৰিছে ৷ সংগ্ৰহালয়ৰ বিশেষজ্ঞই প্ৰতিটো সম্পদৰ তথ্য সংগ্ৰহ কৰিছে ৷ উল্লেখ্য যে তেজপুৰৰ পকী নিৰ্মাণ কৰিছিল ১৮৭৮ চনত জোতি প্ৰসাদৰ ককাক হৰিবিলাস আগৰৱালাই (grandfather of Joti Prasad Harivilas Agarwala) ৷
![জ্যোতিপ্ৰসাদৰ বাসগৃহ পকী সংৰক্ষণৰ প্ৰস্তুতি আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-24aug-pix-rupkonwar-pranabkumardas-7203907_24082022114909_2408f_1661321949_995.jpg)
মহামানৱ মহাত্মা গান্ধীকে ধৰি দেশৰ বহু মহান ব্যক্তি এই পকীলৈ আহিছিল ৷ এতিয়া পকী হৈছে শিল্পীগৰাকীৰ স্মৃতি সংগ্ৰহালয় (Mahatma Gandhi visited Poki in Tezpur) ৷ উল্লেখ্য যে দিল্লীৰ ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছৰ জ্যেষ্ঠ বিশেষজ্ঞ আৰু অতিৰিক্ত সহায়ক অন্তৰীপ তালুকদাৰৰ দ্বাৰা ইতিমধ্যে পকীত থকা পৌৰাণিক সম্পদসমূহ পৰীক্ষাৰ বাবে তথ্য সংগ্ৰহ কৰি আজি গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয় পৰিদৰ্শন কৰে (Guwahati State Museum) ।
![জ্যোতিপ্ৰসাদৰ বাসগৃহ পকী সংৰক্ষণৰ প্ৰস্তুতি আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-24aug-pix-rupkonwar-pranabkumardas-7203907_24082022114909_2408f_1661321949_752.jpg)
পকীত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ব্যৱহৃত সাজ-পোছাক, বিষ্ণুপ্ৰসাদ ৰাভাৰ (Bishnu Prasad Rabha) সাজ-পোছাক, ফণী শৰ্মাই (Phani Sarma) ব্যৱহাৰ কৰা সাজ-পোছাকসমূহ আজিও সযতনে ৰাখিছে যদিও এই সামগ্ৰীসমূহ বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰৰ জৰিয়তে পুনৰ সজীৱ কৰি তুলিব বুলি জানিব পৰা গৈছে । এই সম্পদসমূহ নতুন দিল্লীলৈ লৈ যোৱা হ'ব । লগতে তেওঁলোকৰ ফটোসমূহো সংগ্ৰহ কৰা হ'ব ।
![জ্যোতিপ্ৰসাদৰ বাসগৃহ পকী সংৰক্ষণৰ প্ৰস্তুতি আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-24aug-pix-rupkonwar-pranabkumardas-7203907_24082022114909_2408f_1661321949_97.jpg)
আনহাতে, পকীৰ পুৰণি ঘৰটো আৰু নাথাকিব । এই ঘৰটো জৰাজীৰ্ণ হৈ পৰাৰ বাবে নতুনকৈ নিৰ্মাণ কৰাৰ প্ৰস্তুতি উক্ত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ দ্বাৰা কৰা হ'ব । উল্লেখ্য, ঘৰটোত সেই সময়ত ব্যৱহাৰ কৰা চূণ বৰ্তমান একমাত্ৰ চেন্নাইতহে উপলব্ধ । গতিকে চেন্নাইৰ পৰা উক্ত চূণ আনি ব্যৱহাৰ কৰা হ'ব । এক কথাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ উক্ত পৈতৃক গৃহ বৰ্তমানৰ পকীয়ে এক নতুন মাত্ৰা লাভ কৰিব ।
![জ্যোতিপ্ৰসাদৰ বাসগৃহ পকী সংৰক্ষণৰ প্ৰস্তুতি আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-01-24aug-pix-rupkonwar-pranabkumardas-7203907_24082022114909_2408f_1661321949_824.jpg)
এই সম্পূৰ্ণ তথ্য সংগ্ৰহৰ সময়ত জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জ্যোতি ভাৰতী পকীৰ বিষয়া জিতেন দাস উপস্থিত থাকে । আনহাতে পকীত এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে চৰকাৰে ৪০ লাখ টকাৰ আবণ্টন দিছে (construction of auditorium in Poki) । মুঠ ১৫০ জন লোক একেলগে বহি সভা অনুষ্ঠিত কৰিব পাৰিব এই প্ৰেক্ষাগৃহত । ইতিমধ্যে ৰূপকোঁৱৰৰ বিভিন্ন লেখনি থকা একমাত্ৰ গ্রন্থখন এইবাৰ জ্যোতি ভাৰতীয়ে ইংৰাজীতো চপা কৰি উলিয়াইছে ।
লগতে পঢ়ক :মহানগৰীত সংযোজন হ’ল অত্যাধুনিক কেমেৰা সংলগ্ন ট্ৰেফিক চিগনেল লাইট