ৰঙাপৰা, ২০ ডিচেম্বৰ : একাংশ লোকৰ নষ্ট মানসিকতাৰ বাবে এতিয়া যেন মৰ্যদা হেৰুৱাইছে প্ৰেমৰ দৰে পৱিত্ৰ শব্দই । প্ৰেমৰ সম্পৰ্ক স্থাপনৰ নাটক কৰি একাংশ যুৱকে সহজ-সৰল যুৱতীৰ জীৱন ধ্বংস কৰিছে । এনে এক ঘটনা সংঘটিত হৈছে শোণিতপুৰ জিলাৰ ৰঙাপৰাত । প্ৰেমিকে প্ৰতাৰণা কৰাৰ পাচতে পাঁচমহীয়া অন্তঃসত্বা যুৱতীয়ে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছে(Pregnant girl complaint against lover in Rangapara) ।
ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া দেৱেন বৰাই সদৰি কৰা মতে, সোণাজুলি ভূঞাবস্তি গাঁৱৰ নিবাসী ললিত ভূঞা নামৰ যুৱকজনে একে গাঁৱৰে এগৰাকী ১৯ বছৰীয়া যুৱতীৰে প্ৰথমে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে । তাৰ পাচতে বিয়াৰ প্ৰলোভন দি দীৰ্ঘদিন ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছিল । ইয়াৰ পাচতে যুৱতীগৰাকী অন্তঃসত্বা হয় । গৰ্ভৱতী হোৱাৰ পাঁচ মাহৰ পাচত বিয়া কৰাই পত্নীৰ মৰ্যাদা দিবলৈ যুৱতীগৰাকীয়ে যুৱকজনলৈ প্ৰস্তাৱ আগবঢ়াইছিল ।
কিন্তু যুৱকজনে যুৱতীগৰাকীক বিয়া কৰাবলৈ অমান্তি হয়(Rangapara boy cheated his pregnant girlfriend) । উপায়হীন হৈ দেওবাৰে যুৱতীগৰাকীয়ে ন্যায় বিচাৰি ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হয় ।
ৰঙাপৰা আৰক্ষী থানাত যুৱতীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত সোমবাৰে লম্পট যুৱকজনক ভূঞাবস্তি গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । আনহাতে, ৰঙাপৰা আৰক্ষীয়ে তদন্তৰ অন্তত এটা গোচৰ ৰুজু কৰে ললিত ভূঞাৰ বিৰুদ্ধে । সম্প্ৰতি ললিত ভূঞাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক : Domestic violence in Assam: বৰপেটাত বোৱাৰীক হত্যা কৰি পলায়ন স্বামী পৰিয়ালৰ