তেজপুৰ , ২১জানুৱাৰী : তেজপুৰত মৃত্য়ুৰ আবেদন বিচাৰি সংবাদমেল । সংবাদমেল যোগে মৃত্যু বিচাৰিলে বি আৰ অ'ৰ অস্থায়ী শ্ৰমিকে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা মৃত্যু অনুমতি বিচাৰি তেজপুৰস্থিত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে ভৰ্ত্তক শ্ৰমিক সন্থাই ৷ অসমলৈ আহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা ভাৱে "মৃত্যু"ৰ ঘোষণা কৰিবলৈও দাবী জনাই শ্ৰমিকসকলে ৷
উল্লেখ যে সীমান্ত পথ সংস্থা চমুকৈ বি আৰ অ' ৰ অধীনৰ তেজপুৰস্থিত প্ৰজেক্ট ভৰ্ত্তকৰ ডেৰ শতাধিক অস্থায়ী শ্ৰমিকে ১৯৬২ চনৰ পৰা ভাৰত-চীন যুদ্ধৰ সময়ৰ পৰা অৰুণাচলৰ দুৰ্গম অঞ্চলৰ পৰা তেজপুৰৰ বিভিন্ন অঞ্চললৈকে সেৱা আগবঢ়াই আহিছিল । কিন্তু হঠাৎ ২০১১ ৰ অক্টোবৰ মাহৰ পৰা কোনো কাৰণ নোহোৱাকৈ অব্যাহতি দিয়া হয় শ্ৰমিক সকলক ৷ কোনোধৰণৰ সা-সুবিধা অবিহনে তথা কৰ্মৰত অৱস্থাত ঘূণীয়া হোৱা সত্বেও কোনো সুবিধা লাভ নকৰা এইসকল শ্ৰমিকে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ দাবীত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিগত সময় চোৱাত তেওঁলোক সন্মূখীন হোৱা দুৰৱস্থাৰ বিষয়ে জনোৱাৰ পাছতো কোনো সুফল লাভ নকৰিলে ৷
খিলঞ্জীয়া শ্ৰমিক সকলে ২০১৫ত উপায়ন্তৰ হৈ অৱশেষত মৃত্যু বিচাৰি ৰাষ্ট্ৰপতি লৈ আবেদন জনায় ৷ আনকি এই শ্ৰমিকসকলে বিভিন্ন প্ৰতিবাদৰ লগতে আত্মজাহৰো চেষ্টা কৰিছিল । কিন্তু একো ফল নধৰাত অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ত তেওঁলোকক মৃত্য়ুৰ বাবে ৰাজহুৱা ঘোষণা কৰিব লাগে বুলি সংবাদমেলত জনাই সংগঠনটোৰ সম্পাদক প্ৰণৱ বৰঠাকুৰে ।
লগতে পঢ়ক :হত্যাকাণ্ডৰ ন্যায় বিচাৰি নগাঁৱত আৰক্ষী অধীক্ষকৰ কাষ চাপিল পৰিয়াল