ৰঙাপৰা,6 ফেব্ৰুৱাৰী: শোণিতপুৰৰ ৰঙাপৰাত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে সপ্তম সংখ্যক অসম ৰাজ্যিক শক্তি উত্তোলন প্ৰতিযোগিতা ৷ ৰঙাপৰাৰ ছাই পাৱাৰ ফিটনেছ জিমৰ উদ্যোগত তথা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সৌজন্যত আৰু ৰঙাপৰা ক্ৰীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে ৷
কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা গোপীনাথ বৰদলৈ পথত থকা আগৰৱালা সমিতিৰ ভৱনৰ চৌহদত পতাকা উত্তোলন কৰে ক্ৰমে অসম পাৱাৰ লিফটাৰ এছ’চিয়েনৰ সভাপতি মঞ্জুৰ আলী, শোণিতপুৰ জিলাৰ দেহশ্ৰী সন্থাৰ সভাপতি হেমন্ত লহকৰ, উদযাপন সমিতিৰ সভাপতি জ্যোতিময় পাল, ছাই পাৱাৰ ফিটনেছ জিমৰ সভাপতি সুশান্ত দাস আৰু ৰঙাপৰা ক্ৰীড়া সন্থাৰ সভাপতি বিৰোজ শইকীয়াই ৷ ইয়াৰ পিছত আগৰৱালা সমিতিৰ ভৱনত প্ৰতিযোগিতাখন আৰম্ভ হয় ৷ প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ পৰা অহা ৩৪৮ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷ এই খেল পৰিচালনা কৰাৰ বাবে ৪৩ গৰাকী আন্তঃৰাষ্ট্ৰীয় খেল পৰিচালকক নিয়োজিত কৰা হৈছে ৷
লগতে চাওকঃ ভূত-ভৱিষ্যত নাই লুৰীণ জ্যোতি গগৈৰঃ চন্দ্ৰ মোহন পাটোৱাৰী