ETV Bharat / state

তেজপুৰ ৰঙাপৰাত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা ! - rangapara

শোণিতপুৰৰ ৰঙাপৰাত উত্তপ্ত পৰিস্থিতি । শূণ্যলৈ গুলীচালনা আৰক্ষীৰ । ৰাইজৰ আক্ৰমণৰ বলি আৰক্ষী বিষয়া । শ্ৰমিক ৰাইজে সামাজিক দূৰত্ব বজাই নাৰাখি এক গোট হৈ থকাক কেন্দ্ৰ কৰিয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি ।

তেজপুৰ
তেজপুৰ ৰঙাপৰাত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা !
author img

By

Published : Apr 18, 2020, 11:00 PM IST

তেজপুৰ/ৰঙাপৰা, ১৮ এপ্ৰিলঃ শোণিতপুৰৰ জিলাৰ ৰঙাপৰাত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা । ঘটনাক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

তেজপুৰ
তেজপুৰ ৰঙাপৰাত আৰক্ষীৰ শূণ্যলৈ গুলীচালনা !

উল্লেখ্য যে, ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ ধিপা লাইনত আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে । শ্ৰমিক ৰাইজে সামাজিক দূৰত্ব বজাই নাৰাখি এক গোট হৈ থকাত প্ৰথমে লাঠীচালনা কৰে আৰক্ষীয়ে । তাৰ পাচতে উত্তেজিত ৰাইজে আৰক্ষীৰ ওপৰত প্ৰহাৰ কৰে । ৰাইজৰ প্ৰহাৰত এজন আৰক্ষী আহত হয় বুলি ইটিভি ভাৰতৰ সাংবাদিকৰ আগত সদৰী কৰে শোণিতপুৰৰ উপায়ুক্ত মাবেন্দ্ৰ প্ৰতাপ সিঙে ।

আনহাতে, উত্তপ্ত পৰিস্থিতি তথা ৰাইজৰ আক্ৰমণৰ পৰা আত্মৰক্ষাৰ বাবেই এক ৰাউণ্ড শূ্ণ্যলৈ আৰক্ষীয়ে গুলীচালনা কৰে বুলিও সদৰী কৰে উপায়ুক্ত গৰাকীয়ে । তাৰোপৰি আহত আৰক্ষী বিষয়াজনক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় বুলি জানিবলৈ দিয়ে মাবেন্দ্ৰ প্ৰতাপ সিঙে ।

উল্লেখ্য যে, ৰঙাপৰাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰাৰ লগতে আহত আৰক্ষীজনৰ কোনো ভিডিঅ' সংগ্ৰহ কৰাতো বাধা প্ৰদান কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.