ETV Bharat / state

তেজপুৰত আৰক্ষীয়ে জ্বলালে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী - narcotics burnt by tezpur police

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ (International Day against Drug) প্ৰাকক্ষণত তেজপুৰত আৰক্ষীয়ে জ্বলালে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ৷ শনিবাৰে জিলাখনৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত নিচাজাতীয় সামগ্ৰী দাহন কৰে আৰক্ষীয়ে ৷

narcotics-burnt-by-karbi-tezpur-police
তেজপুৰত আৰক্ষীয়ে জ্বলালে 1.45 গ্ৰাম ব্ৰাউন চুগাৰ
author img

By

Published : Jun 25, 2022, 9:51 PM IST

তেজপুৰ, 25 জুন: আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ (International Day against Drug) প্ৰাকক্ষণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাহ কৰা হৈছে ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী ৷ তেজপুৰতো দেখা গ’ল একেই দৃশ্য ৷ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে জিলাখনৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তেজপুৰত ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী দাহ কৰে আৰক্ষীয়ে (Narcotics burnt by Tezpur police)৷ দাহ কৰা এলেকাটোৰ পৰিৱেশ প্ৰদূষিত নহ’বৰ বাবে নিচাজাতীয় সামগ্ৰীখিনি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত থকা Incinerator ত ভৰাই জ্বলাই দিয়া হয় (Police burn a large quantity of drugs in Tezpur) ।

উল্লেখযোগ্য যে, বিগত সময়চোৱাত শোণিতপুৰ আৰক্ষীৰ তৎপৰতাত জিলাখনৰ বিভিন্ন ঠাইত ড্ৰাগছ, ভাং, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে বহু ড্ৰাগছ সৰবৰাহকাৰী তথা ব্যৱসায়ীক আটক কৰি কাৰাগাৰলৈ প্ৰক্ষেপ কৰা হৈছে ।

কিছুদিন পূৰ্বে গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত জাহৰা খাতুন আৰু আব্দুল হাচিফৰ কৱলৰ পৰা ১৯ টা কন্টেইনাৰ ভৰ্তি নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী ৷ আৰক্ষীয়ে অভিযুক্ত মাতৃ-পুত্ৰক আটক কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AS 13M 0504 নম্বৰৰ এখন ৰয়েল এনফিল্ড বাইকো জব্দ কৰিছিল ৷

মনকৰিবলগীয়া যে আৰক্ষীয়ে চলোৱা এই অভিযানৰ মাজতেও ন ন পন্থা অৱলম্বন কৰি এচাম লোকে এই নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ চলাই আহিছে । বিশেষকৈ 37 নং ৰাষ্ট্ৰীয় ঘাই পথ (A) ৰ কলীয়া ভোমোৰা সেতুৰ সংলগ্ন পথত আৰক্ষীয়ে অধিক পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: ডিফুত প্ৰায় ১১ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জ্বলালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.