ETV Bharat / state

Cancer Hospital in Assam: অসমত স্থাপন কৰা হ’ব মুঠ ১৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় - Narendra Modi to inaugurate cancer hospitals in Assam

ৰাজ্যবাসীৰ বাবে সুখবৰ কঢ়িয়াই অহা 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 7 খন কৰ্কট ৰোগৰ চিকিৎসালয় ৷ ইয়াৰ লগতে আন 7 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ৰাজ্যত মুঠ ১৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব বুলি জানিবলৈ দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Cancer Hospital in Assam) ৷

Cancer Hospital in Assam
অসমত মুঠ ১৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব
author img

By

Published : Apr 25, 2022, 10:42 PM IST

তেজপুৰ, ২৫ এপ্ৰিল: অসমত মুঠ ১৭ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব (Cancer Hospital in Assam) ৷ ইয়াৰে ৭ খন নতুন চিকিৎসালয় অহা 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উন্মোচন কৰিব (Narendra Modi to inaugurate cancer hospitals in Assam) ৷ সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তেজপুৰৰ নৱনিৰ্মীত কৰ্কট ৰোগৰ চিকিৎসালয়ত উপস্থিত এই কথা জানিবলৈ দিয়ে ।

ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা 7 খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান উন্মোচন কৰাৰ লগতে আন ৭ খনৰ আধাৰশিলা স্থাপন কৰিব ৷ আন তিনিখন কৰ্কট ৰোগৰ চিকিৎসালয় আগন্তুক দুটা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলিও মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে টাটা ন্যাস আৰু অসম চৰকাৰৰ উমৈহতীয়া প্ৰচেষ্টাত নিৰ্মাণ কৰা তেজপুৰৰ কৰ্কট চিকিৎসালয়খনত উপস্থিত হৈ উদ্বোধনী অনুষ্ঠানৰ আয়োজন সম্পৰ্কেও বুজ লয় মন্ত্ৰী কেশৱ মহন্তই (Narendra Modi to visit Assam)।

অহা ২৮ এপ্ৰিলত শুভ উদ্বোধনৰ লক্ষ্য নিৰ্ধাৰণ কৰা চিকিৎসালয়খনত অধীক্ষক আৰু চিকিৎসকৰ যোগদান সম্পৰ্কত চিকিৎসালয় কৰ্তৃপক্ষই মন্ত্ৰী মহন্তক অৱগত কৰায় । আনহাতে চিকিৎসালয়খন শুভাৰাম্ভৰ পৰাই কেম’থেৰাপী, চিটি স্কেন আদি সকলো সুবিধা উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ সময়ত শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জিয়াউদ্দিন আহমেদ, কৰ্কট চিকিৎসালয়খনৰ অধীক্ষক লেফটেনেণ্ট কৰ্নেল ডাঃ সঞ্জীৱ হাজৰিকা, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মাধৱ ৰাজবংশী, নিৰ্মাণকাৰী সংস্থা এল এণ্ড টি আৰু গুনগত মান নিৰীক্ষণকাৰী সংস্থা মট মেকডনাল্ডৰ মুৰব্বী বিষয়াও উপস্থিত থাকে ।

লগতে পঢ়ক: নগাঁও কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.