তেজপুৰ, 19 আগষ্ট : বুধবাৰে 40 গৰাকী ভাৰতীয় সেনা বাহিনীৰ জোৱানে তেজপুৰৰ পৰা কৰ'ণা ভাইৰাছৰ চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰে । উক্ত শিবিৰত উপস্থিত থাকে অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় সেনা বাহিনীৰ তৰফৰ পৰা এইয়া প্ৰথম বাৰৰ বাবে প্লাজমা দান কৰা হয় বুলি জানিব দিয়ে ।
সৰ্বমুঠ 40 গৰাকী সেনা বাহিনীৰ জোৱানে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে সেনা বাহিনীৰ চতুৰ্থ কৰৰ জি অ চি ,লে: জেনেৰেল শান্তনু দয়াল । এই বিশেষ প্লাজমা দান শিবিৰ অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাই প্লাজমা দান কৰা সেনা জোৱানক সম্বৰ্ধনা জ্ঞাপন আৰু প্ৰশংসা কৰে ।
মত বিনিময়ত তেওঁ সেনা জোৱানক উদ্দেশ্যি কয় যে, প্লাজমা দান কৰি সেনা বাহিনীয়ে অসমৰ ৰাইজৰ বাবে ই এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে যাৰবাবে সেনা বাহিনীৰ ওচৰত চিৰদিন কৃতজ্ঞ হৈ থাকিব বুলি তেওঁ মত বিনিময় অনুষ্ঠানত মন্তব্য কৰে ।
তেওঁ পুনৰ কয় যে, প্লাজমা দান কৰাটো অতি আৱশ্যকীয় ৷ যদি আমি কৰ'ণাক পৰাস্ত কৰিব লাগে তেনেহলে প্লাজমা দান কৰিবই লাগিব । এজন ক'ভিড ৰোগী ICU ত থকা অৱস্থাত তেওঁক প্লাজমাৰ প্ৰয়োজন হয় আৰু ই যথেষ্ট পৰিমাণে সহায় কৰে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি চতুৰ্থ কৰৰ জি অ চি লেফটেনেন্ট জেনেৰেল শান্তনু দয়ালে এই মহৎ কাৰ্যৰ প্ৰতি সঁহাৰি জনাবলৈ পাই ভাৰতীয় সেনাৰ প্ৰতিজন জোৱানে গৌৰৱ অনুভৱ কৰিছে বুলি উল্লেখ কৰাৰ লগতে ভাৰতীয় সেনা প্ৰয়োজনৰ সময়ত সদাই অসমবাসী ৰাইজৰ কাষত থাকিব বুলি উল্লেখ কৰে ৷
উল্লেখ্য যে, এই সভাত পূৰ্বে ক'ভিড আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিচত প্লাজমা দান কৰা শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, ইক্ৰামুল হুছেইন আৰু টি এম চি এইছত চিকিৎসাধীন হৈ থকা অৱস্থাত প্লাজমা থেৰাপী লাভ কৰি সুস্থ হৈ উঠা পুৰুজিৎ নাথ নামৰ এজন ব্যক্তিয়ে মত প্ৰকাশ কৰে ।
লগতে পঢ়ক : ক'ভিড-19 ৰ প্ৰতিষেধকৰ বাবে চুক্তি ঘোষণা অষ্ট্ৰেলিয়াৰ