তেজপুৰ,২৮ মাৰ্চ: তিনিদিনীয়া ভ্ৰমণসূচীৰে তেজপুৰত উপস্থিত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেছনৰ (Border Road Organisation ) পূব সীমান্তৰ অতিৰিক্ত মুখ্য সঞ্চালক পি কে এইছ সিং । খতিয়ান ল'লে বৰ্ডাৰ ৰোডছৰ অধীনত ওৰাং-কালেকতং-চেৰগাঁও-ৰুপা-টেঙা আৰু বালিপৰা-চাৰিদুৱাৰ-টাৱাং নিৰ্মীয়মান সীমান্ত পথ আৰু দলঙৰ নিৰ্মান কাৰ্য্যৰ ।
সীমান্তত নিৰ্মাণ হৈ থকা দলং সমূহৰ অগ্ৰগতি আৰু উন্নত প্ৰযুক্তিৰ কৌশল ৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ নিৰ্দেশ জাৰি কৰে সিঙে । বালিপৰা-চাৰিদুৱাৰ-টাৱাং ঘাই পথ চলিত বৰ্ষৰ জুলাই মাহত সম্পূৰ্ণ হৈ উঠাৰ পোষকতা কৰে সিঙে । কাৰণ বিগত সময়চোৱাত এপ্ৰিল মাহৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পথ নিৰ্মাণ সংস্থা বি আৰ অ য়ে অসুবিধাৰ সন্মুখীন হৈছিল ।
আনহাতে, এই পথ সমূহৰ ওপৰত নিৰ্মান হৈ থকা দলঙৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে অতিৰিক্ত মুখ্য সঞ্চালকগৰাকীয়ে । বৰ্ডাৰ ৰোডছ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় তেজপুৰ প্ৰজেক্ট Vartak ত অতিৰিক্ত মুখ্য সঞ্চালক গৰাকীয়ে মুখ্য অভিযন্তা ব্ৰিগেদিয়েৰ হৰিষ কুমাৰৰ (brigadier Harish Kumar) লগত অসম আৰু অৰুণাচল প্ৰদেশত চলি থকা কাম সমূহৰ বিষয়ে আলোচনা কৰে আৰু আগন্তুক ২০২২-২৩ বিত্তীয় বৰ্ষৰ আন্তঃগাঁথনি নিৰ্মান প্ৰকল্পৰ কাৰিকৰী বিপ্লৱৰ সূচনা কৰে সিঙে ।