ETV Bharat / state

Assam Arunachal Border: অসম অৰুণাচলৰ সীমা সমস্যাক লৈ পীযুষ হাজৰিকা পেমা খাণ্ডুৰ বৈঠক - Piyush Hazarika slams Congress

অচিৰেই সমাধান হব অসম অৰুণাচল প্ৰদেশৰ সীমা বিবাদ(Assam Arunachal Pradesh border dispute) । বিশ্বনাথৰ-পাকে কেচাঙৰ ৪ খন গাঁৱকলৈ পেমা খাণ্ডুৰে আলোচনা মন্ত্ৰী পীযুষ হাজৰিকা ।

pijush hazarika prema khandu meeting
অসম অৰুণাচলৰ সীমা সমস্যাকলৈ পিয়ুষ হাজৰিকা প্ৰেমা খাণ্ডুৰ বৈঠক
author img

By

Published : Oct 30, 2022, 1:56 PM IST

তেজপুৰ, ৩০ অক্টোবৰ: অসম অৰুণাচল সীমা বিবাদ অচিৰেই সমাপ্তি হোৱাৰ দিশত (Assam Arunachal Pradesh border dispute) । দুয়োখন চৰকাৰে এই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি এৰা ধৰাৰ মাজেৰে আলোচনাত আগবাঢ়িছে বুলি মন্তব্য প্ৰকাশ কৰে অসম চৰকাৰৰ জল সম্পদ আৰু তথ্য জনসংযোগ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই ।

কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালত এই সীমা সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা নকৰিলে বুলি অভিযোগ উত্থাপিত কৰি তেওঁ কয় যে, গুৱাহাটীত বহি থাকি সীমান্তৱৰ্তী অঞ্চলত কি হৈছে সেয়া কোনো গম নাপায় । প্ৰতিখন ৰাজ্যৰ লগত সাংবিধানিক সীমা থকাৰ পিছতো সীমান্তৰ মানুহে আজিৰ তাৰিখত বিজুলীৰ পোহৰ দেখা নাই ।

তেজপুৰত সাংবাদিকৰ লগত হোৱা এক মন্তব্যত তেওঁ কয় যে, বিশ্বনাথ জিলাৰ অন্তৰ্গত আৰু অৰুণাচল প্ৰদেশৰ পাকে কেচাঙৰ মুঠ ৪ চাৰিখন গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ মাজত আঞ্চলিক কমিটিৰ বৈঠক মতে তিনিখন গাঁৱৰ লোকে অৰুণাচল প্ৰদেশৰ লগত থাকিব বিচাৰে আৰু এখন গাঁৱৰ লোকে অসমৰ লগত থাকিব বিচাৰে ।

অসম অৰুণাচলৰ সীমা সমস্যাক লৈ পীযুষ হাজৰিকা পেমা খাণ্ডুৰ বৈঠক

এই বিষয়ে কমিটিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক মন্ত্ৰী হাজৰিকাই অৱগত কৰে (Piyush Hazarika meet Prema Khandu) । বৃস্পতিবাৰে নিশা মন্ত্ৰী হাজৰিকা আৰু মুখ্যমন্ত্ৰী খাণ্ডুৰ সৌজন্যতামূলক এক সাক্ষাৎকাৰত তেওঁৰ লগত এই বিষয়ে আলোচনা কৰে(Piyush Hazarika Prema Khandu meeting on border issue) । নামচাই ৰেগুলেচন মতে যদি দুয়োখন ৰাজ্যৰ এখনে আনখনৰ ৩ কিলোমিটাৰ ভিতৰলৈকে সোমাই গৈছে তেতিয়াহলে সেই বিষয়ৰ ওপৰত আলোচনা হ'ব ।

লগতে এইবাৰ কেবাখনো বৈঠকৰ পিছত সীমান্তৱৰ্তী ৰাজ্যৰ যদি কোনো অঞ্চলত ভূমি অধিগ্ৰহণ কৰি আছে তাৰ পৰিৱৰ্তে অন্য ঠাইত সেই ভূমি হস্তান্তৰ কৰি সমস্যাৰ সমাধান কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ইয়াৰ বাবে দুয়োখন চৰকাৰ আৰু সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ একত্ৰিত হৈছে বুলি তেঁও উল্লেখ কৰে ।

আনহাতে বিৰোধীয়ে অৰুণাচল প্ৰদেশক ভূমি এৰি দিয়াৰ অভিযোগ উত্থাপিত কৰাৰ উত্তৰত হাজৰিকাই কয় যে, বিৰোধী কংগ্ৰেছে বিষয়টো ৫০ বছৰে সমাধান নকৰিলে(Piyush Hazarika slams Congress) । বৰঞ্চ ইয়াক জীপাল কৰিহে ৰাখিলে । তেওঁলোকে সীমান্তত মানুহৰ মৃত্যু হোৱা বিচাৰে, তাৰবাবে অসম-অৰুণাচল, অসম-মেঘালয়, অসম -মিজোৰামৰ সীমান্তত মানুহৰ মৃত্যু হৈছিল বুলি কংগ্ৰেছক কটাক্ষ কৰে ।

লগতে পঢ়ক: 2008 Assam serial blasts : অসমবাসীয়ে পাহৰিব নোৱাৰা অভিশপ্ত 30 অক্টোবৰৰ ১৪ বছৰ অতিক্ৰম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.