ETV Bharat / state

তেজপুৰত মন্ত্ৰী পীযুষৰ পৰ্যালোচনা বৈঠক: ৰাজীৱ ভৱন প্ৰসংগত কটাক্ষ - Jal jeevan mission

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে তেজপুৰত উপস্থিত (Minister Pijush Hazarika visits Tezpur) হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়নকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । জলজীৱন মিছনৰ ঠিকা লাভ কৰা যিসকল ঠিকাদাৰে বৰ্তমানলৈকে কাম সম্পূৰ্ণ কৰিব পৰা নাই বা কাম আৰম্ভ কৰা নাই তেনে ঠিকাদাৰক ব্লেকলিষ্ট কৰিবলৈও নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

pijush-hazarika-attend-review-meeting-at-tezpur
তেজপুৰত মন্ত্ৰী পীযুষৰ পৰ্যালোচনা বৈঠক: ৰাজীৱ ভৱন প্ৰসংগত কটাক্ষ
author img

By

Published : May 20, 2022, 10:28 PM IST

তেজপুৰ, ২০ মে': ৰাজ্যৰ জলসম্পদ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika) শুকুৰবাৰে তেজপুৰত উপস্থিত হৈ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়নকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত চতিয়া আৰু ৰঙাপৰাৰ বিধায়কদ্বয় ক্ৰমে পদ্ম হাজৰিকা আৰু কৃষ্ণকমল তাঁতী, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে জিলা প্ৰশাসন তথা বিভাগ সমূহৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে ।

pijush-hazarika-attend-review-meeting-at-tezpur
তেজপুৰত মন্ত্ৰী পীযুষৰ পৰ্যালোচনা বৈঠক: ৰাজীৱ ভৱন প্ৰসংগত কটাক্ষ

পৰ্যালোচনা সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (Public health engineering department)ৰ অধীনত চলি থকা জলজীৱন অভিযানৰ (Jal jeevan mission) কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বাকী থকা কামসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি এই আঁচনিৰ হিতাধিকাৰীসকললৈ নিয়মীয়া পানী যোগান নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । লগতে এই আঁচনিৰ অধীনত ঠিকা লাভ কৰা যিসকল ঠিকাদাৰে বৰ্তমানলৈকে কাম সম্পূৰ্ণ কৰিব পৰা নাই বা কাম আৰম্ভ কৰা নাই তেনে ঠিকাদাৰক ব্লেকলিষ্ট কৰিবলৈও (Pijush Hazarika against contractors) নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

জলসম্পদ বিভাগে জিলাখনৰ বিভিন্ন স্থানত কৰি থকা কামসমূহৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ লগতে বানৰ কবলৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰয়োজন অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা মথাউৰিসমূহত মেৰামতিৰ কাম কৰিবলৈও মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । আনহাতে, প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনক কমাৰ্চিয়েল ক'মপ্লেক্সলৈ ৰূপান্তৰিত কৰা প্ৰসংগত কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কোনোবা এটা সময়ত ৰাজীৱ ভৱনটো বিক্ৰী হোৱা বুলি যেন শুনিবলৈ নাপায় তাৰ বাবেই ভগবানৰ ওচৰত তেওঁ প্ৰাৰ্থনা জনাইছে ৷

লগতে পঢ়ক: কংগ্ৰেছে ভাড়া লৈ চলিব পাৰিব, কিন্তু ৰাইজৰ মন জয় কৰিব নোৱাৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.