তেজপুৰ, 2 জুনঃ অৰুণাচল ৰাজ্যিক বিধানসভাৰ এগৰাকী জ্যেষ্ঠ নেতা ফচুম খিমহুনক বিশেষ দায়িত্ব অৰ্পন অৰুণাচল ৰাজ্যিক চৰকাৰৰ ৷ 52নং দক্ষিণ চাংলাং সমষ্টিৰ পৰা পাঁচবাৰকৈ বিধায়ক নিৰ্বাচিত নেতাগৰাকীৰ ৰাজ্যিক বিধানসভাৰ প্ৰটেম স্পীকাৰৰ দায়িত্ব প্ৰদান কৰা হয় ৷ দেওবাৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত ৰাজ্যপাল ব্ৰীগেডিয়াৰ(ডাঃ) বিডি মিশ্ৰই তেখেতক শপতবাক্য পাঠ কৰায় ৷
![EtvBharatAssam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-2june-802-still-arunachal-pranabkumardas-7203907_02062019195204_0206f_1559485324_252.jpg)
ইটানগৰস্থিত ৰাজভৱনত অনুষ্ঠিত কাৰ্যসূচীত গোপনীয়তাৰ শপতবাক্য পাঠ কৰে ফচুম খিমহুনে ৷ জুনৰ 3 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভা অধিৱেশন উপলক্ষে দেওবাৰে এইদৰে নেতাগৰাকীক আনুষ্ঠানিক দায়িত্ব প্ৰদান কৰে অৰুণাচল চৰকাৰে ৷