ETV Bharat / state

Rising periods of Govt school: চৰকাৰী বিদ্যালয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে অভিভাৱকৰ

author img

By

Published : Apr 25, 2023, 7:26 PM IST

এখন চৰকাৰী বিদ্যালয়ে আকৰ্ষণ কৰিছে অভিভাৱকক ৷ এই বিশেষ বিদ্যালয়খনত সন্তানৰ নাম ভৰ্তি কৰিবলৈ হেতা ওপৰা লাগে অভিভাৱকৰ(Rising periods of Govt school) ৷ পঢ়ক আমাৰ বিশেষ প্ৰতিবেদন...

Parents are scrambling for admission to a government school in Tezpur
চৰকাৰী বিদ্যালয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে অভিভাৱকৰ

তেজপুৰ, ২৫ এপ্ৰিল: চৰকাৰী বিদ্যালয়ৰ প্ৰতি একাংশ অভিভাৱক মোহ ভংগ হোৱা বুলি চৰ্চা চলাৰ সময়তে এখন চৰকাৰী বিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ আগ্ৰহী হৈছে অভিভাৱকসকল (Rising periods of Govt school) । যি ঘটনাই ইতিবাচক ইংগিত বহন কৰিছে চৰকাৰী বিদ্যালয়ৰ প্ৰতি ৷ তেজপুৰত হঠাৎ চৰকাৰী বিদ্যালয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাইছে অভিভাৱকৰ (A special govt school in Tezpur)৷

তেজপুৰ চহৰৰ এখন বাংলা মাধ্যমৰ বিদ্যালয় এতিয়া অভিভাৱকৰ প্ৰথম পছন্দ হৈ পৰিছে । বিদ্যালয়খনত বাংলা ভাষাৰ লগতে ইংৰাজী মাধ্যমত অধ্যয়ন কৰে শিক্ষাৰ্থীয়ে । ২০১৭ চনত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আছিল ১৩৭ গৰাকী । কিন্তু এতিয়া শিক্ষাৰ্থীৰ সংখ্যা হ’লগৈ ৯০৭ গৰাকী । তাতে আকৌ এইবছৰ ৫০০ ৰো অধিক অভিভাৱক উভতি যাব লগীয়া হৈছে বিদ্যালয়খনত সন্তানৰ নাম ভৰ্তি কৰাব নোৱাৰি (Admission in a government school)।

তেজপুৰ চহৰৰ মাজমজিয়াত ১৯৩৬ চনতে স্থাপিত হোৱা তেজপুৰ বেংগলী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০২১ চনৰ পৰা পূৰ্বৰ বাংলা মাধ্যমৰ লগতে আৰম্ভ কৰা হয় ইংৰাজী মাধ্যমত পাঠ দান । বিদ্যালয়খনৰ অধ্যক্ষ স্বপন কুমাৰ সৰকাৰে ২০১৭ চনৰ পৰাই শিক্ষা বিভাগৰ লগত যোগাযোগ কৰি ২০২০ চনত ইংৰাজী মাধ্যমত পাঠদানৰ অনুমতি লাভ কৰে ।

ইংৰাজী মাধ্যমত পাঠদান কৰা চৰকাৰী বিদ্যালয় পাই এতিয়া বিনামূলীয়াকৈ নিজৰ সন্তানক পঢ়ুৱাব পাৰিছে সাধাৰণ শ্ৰেণীৰ অভিভাৱকসকলে । দুখীয়া শ্ৰেণীৰ লোকেও নিজ সন্তানক আধ্যৱন্ত লোকৰ সন্তানৰ দৰে একেই শিক্ষা দিয়াব বিচাৰে ৷ কিন্তু ইংৰাজী মাধ্যমৰ ব্যক্তিগত শিক্ষানুষ্ঠানত অৰ্থৰ অভাৱত পঢ়ুৱাব নোৱাৰে তেওঁলোকে । এতিয়া এনে অভাৱ দূৰ কৰিছে এই বিদ্যালয়খনে ৷

উল্লেখ্য যে, আজি অৰ্থাৎ মঙলবাৰে ঘোষণা কৰা হৈছে গুণোৎসৱৰ ফলাফল (Gunotsav Results 0f 2023)। ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত ১৮ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ গুণোৎসৱ অনুষ্ঠিত কৰিছিল ৷ এই গুণোৎসৱত অংশগ্ৰহণ কৰিছিল ৪৪,৫৩১খন চৰকাৰী বিদ্যালয়ে ৷ সামৰি লোৱা হৈছিল ৪১ লাখৰো অধিক ছাত্ৰ–ছাত্ৰী। গুণোৎসৱত ছাত্ৰ–ছাত্ৰীৰ উপস্থিতিৰ হাৰ আছিল ৯৬.৬৯ শতাংশ ৷

লগতে পঢ়ক: Gunotsav 2023 Result : গুণোৎসৱ ২০২৩ৰ ফলাফল ঘোষণা; শীৰ্ষত পুনৰ শিৱসাগৰ, শেষত কাৰ্বি আংলং

এইবাৰ ১৯,০০০ বিদ্যালয়ে ‘এ গ্ৰেড’, ৭,০০০ বিদ্যালয়ে ‘বি গ্ৰেড’ , ১৯৭২খন বিদ্যালয়ে ‘চি’ গ্ৰেড আৰু ৭৬৭ খন বিদ্যালয়ে ‘ডি গ্ৰেড’ লাভ কৰিছে ৷ শিক্ষাৰ ক্ষেত্ৰত চালে অসম শীৰ্ষ ৫ ৰ ভিতৰত আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল ৷ ইয়াৰ পিচতে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.