ETV Bharat / state

চতিয়াত ৯০০ ৰো অধিক দিব্যাংগ লোকৰ স্বাস্থ্য পৰীক্ষা - দিব্যাংগ ব্যক্তিৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ পদক্ষেপ ৷ হাজৰিকাৰ পদক্ষেপে জয় কৰিলে ৰাইজৰ হৃদয় ৷ দিব্যাংগ ব্যক্তিৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা কৰি প্ৰমানপত্ৰ দিয়াৰ ব্যৱস্থা ৷ প্ৰমাণপত্ৰৰ জড়িয়তে দিব্যাংগ ব্যক্তি সকলে প্ৰতি মাহে ১০০০ টকাকৈ চৰকাৰী সাহাৰ্য লাভ কৰাৰ পথ মুকলি ৷

চতিয়াত ৯০০ ৰো অধিক দিব্যাংগ লোকৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰমান পত্ৰ প্ৰদান

author img

By

Published : Oct 10, 2020, 3:11 PM IST

চতিয়া,১০ অক্টোবৰ: চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত পৰিচালিত কন্যকাৰ দ্বাৰা শুকুৰবাৰে জামুগুৰিহাটত এক বৃহৎ আৰু ব্যতিক্ৰমী অনুষ্ঠান আয়োজন ৷ সমষ্টিটোৰ ৯০০ৰো অধিক বিশেষ ভাৱে সক্ষম তথা দিব্যাংগ ব্যক্তিৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা ৷ ঠাইতে স্বাস্থ্য পৰীক্ষা কৰাই প্ৰমানপত্ৰ দিয়াৰ ব্যৱস্থা বিধায়ক হাজৰিকাৰ ৷ আজি পৰ্যন্ত 'দিব্যাংগ' বা 'বিশেষভাৱে সক্ষম' ৰূপে প্ৰমান পত্ৰ লাভ কৰিবলৈ অপাৰগ হৈ থকা এই সকল লোকৰ বাবে এনে পদক্ষেপ হাতত লোৱাত সকলোৱে আনন্দ প্ৰকাশ কৰিছে ৷ সাধাৰণতে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি বহু কষ্টৰ মূৰতহে এই প্ৰমানপত্ৰ লাভ কৰিব পৰা অৱস্থাত বিধায়ক গৰাকীৰ এনে পদক্ষেপে স্বাভাৱিকতেই সকলোকে সুখী কৰি তুলিছে ৷

চতিয়াত ৯০০ ৰো অধিক দিব্যাংগ লোকৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰমান পত্ৰ প্ৰদান

বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এইসকল দিব্যাংগ ব্যক্তিৰ চিকিৎসকৰ হতুৱাই স্বাস্থ্য পৰীক্ষা কৰোৱাই ঠাইতে প্ৰমানপত্ৰ দিয়া বিষয়টোৱে এক বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ এই প্ৰমাণপত্ৰৰ জড়িয়তে দিব্যাংগ ব্যক্তি সকলে এতিয়াৰ পৰা প্ৰতি মাহে ১০০০ টকাকৈ চৰকাৰী সাহাৰ্য লাভ কৰাৰ পথ মুকলি হৈ পৰিল বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনৰ ভিতৰতে এনেধৰণৰ পদক্ষেপ প্ৰথম আৰু চতিয়া সমষ্টিতে এই কাৰ্যসূচী আৰম্ভ কৰা বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ৷ এই কাৰ্যসূচীত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগতে সমাজকল্যাণ বিভাগৰ শতাধিক বিষয়া কৰ্মচাৰীয়ে সেৱা আগবঢ়ায় ৷
লগতে পঢ়ক: ৰাজদ্বীপ গোৱালা আৰু ৰুমী নাথক কংগ্ৰেছৰ পৰা নিলম্বন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.