ETV Bharat / state

তেজপুৰত শ্ৰীসত্য সাই সংস্থাৰ বিশেষ পদক্ষেপ - ক’ভিড 19

শ্ৰীসত্য সাই সংস্থাৰ তৰফৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° মাধৱ ৰাজবংশী আৰু অধ্যক্ষ ডা° কৰুণা হাজৰিকাৰ হাতত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ (Oxygen concentrator) অৰ্পন কৰে শ্ৰীসত্য সাই সংস্থাৰ বিষয়াববীয়াই ৷

Tezpur
তেজপুৰত শ্ৰীসত্য সাই সংস্থাৰ বিশেষ পদক্ষেপ
author img

By

Published : Jun 27, 2021, 1:36 PM IST

তেজপুৰ, ২৭ জুন : দেশত অব্যাহত আছে কৰ'ণাৰ দ্বিতীয় ঢৌৰ (Second wave) সংক্ৰমণ । বহু লোক এই দ্বিতীয় ঢৌত আক্ৰান্ত হৈছে । বহুতে নিজৰ আপোনজনক হেৰুৱাইছে । কিন্তু এই দ্বিতীয় ঢৌৰ সময়ত দেশত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছে । বিশেষকৈ অক্সিজেনৰ নাটনি (Oxygen crisis) এক প্ৰধান সমস্যা হিচাপে থিয় দিছে ।

এই সমস্যাৰ পৰা ৰাইজক পৰিত্ৰাণ দিয়াৰ বাবেই শ্ৰীসত্য সাই সংস্থাৰ (Sathya Sai Organization) তৰফৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ (Tezpur medical college) অধীক্ষক ডা° মাধৱ ৰাজবংশী আৰু অধ্যক্ষ ডা° কৰুণা হাজৰিকাৰ হাতত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ (Oxygen concentrator) অৰ্পন কৰে শ্ৰীসত্য সাই সংস্থাৰ বিষয়াববীয়াই ৷ এইবাৰ পোনপ্ৰথমে শ্ৰীসত্য সাই বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ঔমকাৰ ধ্বনি দিয়াৰ লগতে মঙ্গল আৰতি কৰি শ্ৰীসত্য সাই সংস্থাৰ বিষয়ববীয়াসকলে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰে ৷

বৰ্তমান ক'ভিডৰ (Covid) জটিল পৰিস্থিতিৰ সময়ত উক্ত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা ক’ভিড ৰোগীসকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° কৰুণা হাজৰিকা আৰু অধীক্ষক ডা° মাধৱ ৰাজবংশীয়ে ৷ অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাৰ তত্ত্বাৱধানত অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় বুলি জনায় শ্ৰীসত্য সাই সংস্থাৰ বিষয়াববীয়াসকলে ৷ উক্ত অনুষ্ঠানত শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলিৰ শ্ৰীসত্য সাই সংস্থাৰ জিলা সভাপতি বিজয় বৰা , ওদালগুৰি আৰু দৰং জিলাৰ বিষয়ববীয়া ক্ৰমে ধৃতিমান বৰুৱা আৰু ভূপেশ ডেকা, আহ্বায়ক ড° ধৰ্মেন্দ্ৰ শৰ্মা, মহিলা আহ্বায়িকা আইৰিন বৰা,ড° পিকে শৰ্মা,মায়াৰাণী বৰা উপস্থিত থাকে ৷

ইফালে বিশেষজ্ঞসকলৰ মতে কৰ'ণাৰ তৃতীয় ঢৌ (Third wave) ইয়াতকৈও বেছি ভয়াৱহ হ'ব । এই কথাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু সংগঠন অথবা স্বেচ্ছাসেৱী সংস্থা আদিয়ে হাস্পতাল সমূহক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে । চৰকাৰৰ উপৰিও সেই সংস্থাসমূহে হাস্পতালসমূহত বিভিন্ন ধৰণৰ চিকিৎসা সামগ্ৰী বিতৰণ কৰিছে ।

লগতে পঢ়ক:বকোৰ চিৰসেউজ লাম্পীত প্ৰশাসনৰ 'সম্পৰ্ক' শীৰ্ষক পৰ্যালোচনা সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.