ETV Bharat / state

Crime in Tezpur : জালিয়াতিৰে এছ এছ বি'ৰ চাকৰিত ভৰ্তি বহিঃ ৰাজ্যৰ যুৱকৰ; গোচৰ ৰুজু

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 7:39 PM IST

জালিয়াতিৰে অৰ্ধসামৰিক বাহিনীত চাকৰি লোৱা কেইবাজনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ শোণিতপুৰ জিলা আৰক্ষীৰ ৷ অভিযুক্ত যুৱক কেইজন হৈছে অংকিত কুমাৰ, লুকেন্দ্ৰ চাহাৰ আৰু শ্ৰীদিবাকৰ ৷ এই তিনি যুৱকে নিজকে শোণিতপুৰ জিলাৰ বাসিন্দা বুলি প্ৰয়োজনীয় তথ্যত উল্লেখ কৰাৰ লগতে দাখিল কৰা যাৱতীয় তথ্যত ব্যৱহাৰ কৰিছিল শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভুৱা ছীল-মোহৰ ৷

Outstation Youth Secured SSB Job in Assam
জালিয়াতিৰে এছ এছ বি'ৰ চাকৰিত ভৰ্তি
জালিয়াতিৰে এছ এছ বিত চাকৰি লোৱা কেইবাজনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ

তেজপুৰ, 2 ছেপ্টেম্বৰ : শোণিতপুৰ জিলাত সক্ৰিয় ৰূপত এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰ ৷ আৰক্ষীৰ জালত দিল্লীৰ উচ্চস্তৰীয় দালাল লগতে আটক স্থানীয় যুৱক ৷ জালিয়াতিৰে অৰ্ধসামৰিক বাহিনীত চাকৰি লোৱা কেইবাজনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ শোণিতপুৰ জিলা আৰক্ষীৰ ৷ 19 আগষ্টত শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত পংকজ বৰাই এই বিষয়ে সদৰী কৰিছিল আৰু অতি শীঘ্ৰে বিষয়টো সন্দৰ্ভত জড়িত লোকক গ্ৰেপ্তাৰ কৰা হ’ব জনাবলৈ দিছিল ৷ প্ৰাৰ্থী সকলে নিজকে শোণিতপুৰৰ বাসিন্দা সজাই এছ এছ বিত চাকৰি লৈছিল ৷ অভিযুক্ত যুৱককেইজন হৈছে অংকিত কুমাৰ, লুকেন্দ্ৰ চাহাৰ আৰু শ্ৰীদিবাকৰ ৷

বিগত 2022 ত জালিয়াতিৰে চাকৰিত যোগদান কৰা তিনি যুৱকে নিজকে শোণিতপুৰ জিলাৰ বাসিন্দা বুলি প্ৰয়োজনীয় তথ্যত উল্লেখ কৰাৰ লগতে দাখিল কৰা যাৱতীয় তথ্যত ব্যৱহাৰ কৰিছিল শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভুৱা ছীল-মোহৰ ৷ শেহতীয়াকৈ SSB ৰ বিহাৰ আৰৰিয়াস্থিত 56 নং বেটেলিয়ন, বিহাৰ ৰাজাউলস্থিত 47 নং বেটেলিয়ন আৰু দাৰ্জিলিঙৰ 41 নং বেটেলিয়নৰ পৰা তেওঁলোকৰ তথ্যপাতি পৰীক্ষৰণৰ বাবে আহে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ ৷ কিন্তু তথ্যপাতি পৰীক্ষা কৰি বিভ্ৰান্তিত পৰে জিলা প্ৰশাসনৰ লোক ৷ চক্ৰ বিষয়াৰ জৰিয়তে গাঁও প্ৰধানে বিচাৰি উলিয়াব নোৱাৰিলে চাকৰি লোৱা উল্লেখিত যুৱক তিনিজনৰ ঠিকনা ৷

ইতিমধ্যে শোণিতপুৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা SSB ৰ নিৰ্দিষ্ট তিনিওটা বেটেলিয়ন কাৰ্যালয়লৈ এই সম্পৰ্কে জনোৱাৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি তেজপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 120(বি), 406, 468, 471 আৰু 420 ধাৰাত তেজপুৰ আৰক্ষী থানাত 662/23 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি সম্প্ৰতি তদন্ত অব্যাহত ৰখা হৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে শোণিতপুৰৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই ৷ ইফালে, তদন্ত অব্যাহত থকাৰ মাজতে নিশা তেজপুৰ শালনিবাৰী আৰক্ষীয়ে কৌশলেৰে দিল্লীৰ পৰা মাতি আনি নিশা এখন হোটেলৰ পৰা আটক কৰে ৰাজেন্দ্ৰ প্ৰসাদ নামৰ এটা দালালক ৷ পূৰ্বতে ITBP ত চাকৰি কৰা সূত্ৰে উৰ্ধতন কোনো বিষয়াৰে থকা মিতিৰালিৰে ধৃত ৰাজেন্দ্ৰ প্ৰসাদে তেজপুৰৰ ডেকাৰগাঁও ৰে’লৱে কলনি পথৰ আন এটা দালাল তৰুণ বিশ্বাসৰ লগ লাগি গাঁও প্ৰধানৰ নামত ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰে ৷

ভুৱা ছীল, পেড বনাই প্ৰদান কৰা প্ৰমাণপত্ৰ একোখনৰ নামত ধৃত তৰুণ বিশ্বাসে লাভ কৰিছিল পোন্ধৰশ টকা ৷ টকা প্ৰদান কৰিছিল ৰাজেন্দ্ৰ প্ৰসাদে ৷ ধৃত ৰাজেন্দ্ৰই ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰি সেয়া আকৌ অধিক দামত বিক্ৰী কৰিছিল একাংশ চাকৰি প্ৰত্যাশীক ৷ সম্প্ৰতি ভুৱা প্ৰমাণপত্ৰৰে নিজকে শোণিতপুৰ তথা তেজপুৰৰ বাসিন্দা হিচাপে পৰিচয় দি ITBP ত যোগদান কৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ তদন্তকাৰী আৰক্ষীয়ে সেই সকলকো অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত তেজপুৰ শইকীয়া চুবুৰীৰ বাসিন্দা বুলি পৰিচয় দিয়া উত্তম সিং, গহণ নগৰৰ বুলি পৰিচয় দিয়া কৰণ সিং, উদমাৰীৰ বুলি পৰিচয় দিয়া হামিদ খান আৰু লক্ষীনগৰৰ বুলি পৰিচয় দি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অশোক কুমাৰ গুৰ্জাৰ অন্যতম ৷

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.