ETV Bharat / state

ৰঙাপৰাত মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত পথচাৰী

author img

By

Published : May 29, 2021, 10:53 PM IST

ৰঙাপৰাত পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত এজন লোক ৷ চিকিৎসাধীন অৱস্থাত আঘাতপ্ৰাপ্ত লোকজন ৷ জব্দ কৰা হয় বাহনখন ৷ আটক বাহনৰ চালক ৷

one-seriously-injured-at-rangapora-road-accident
ৰঙাপৰাত মেজিকৰ খুন্দাত গুৰুতৰভাৱে আহত পথচাৰী

ৰঙাপৰা, 29 মে': শনিবাৰে আবেলি ৰঙাপৰাত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন লোক ৷ ঘটনাৰ বিবৰণ অনুসৰি বিয়লি প্ৰায় 4:30 মান বজাত ৰঙাপৰা থানাৰ অন্তৰ্গত ঘইৰালি চাহ বাগিচাৰ ৫ নম্বৰ শ্ৰমিক লাইনৰ চনু ওৰাং(৫০) নামৰ ব্যক্তিজনক AS 12 BC 3680 নম্বৰৰ মেজিক বাহন খনে খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় লোকজন ৷

দুৰ্ঘটনা সংঘটিত কৰি চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিব চেষ্টা কৰোতে ৰাইজে বাহনখন আটক কৰি ৰঙাপৰা আৰক্ষীক খবৰ দিয়ে । আনহাতে ৰাইজে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা ব্যক্তি জনক বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও বাগিচা চিকিৎসালয়ৰ কতৃপক্ষই উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰাৰ লগতে বাহন চালকজনক আটক কৰি ৰঙাপৰা থানালৈ লৈ যায় ।

লগতে পঢ়ক: ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.